দুমুনীচকী ইঙলিছ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰে নিলোফাৰ ৰহমানে

দুমুনীচকী ইঙলিছ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰে নিলোফাৰ ৰহমানে

দক্ষিণ ছিপাঝাৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  দৰঙ জিলাৰ অন্তৰ্গত দুমুনীচকীত অৱস্থিত দুমুনীচকী ইঙলিছ স্কুলৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিলোফাৰ ৰহমানে তৃতীয় স্থান দখল কৰি দুমুনীচকীৰ লগতেই সমগ্ৰ দৰঙ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নিলোফাৰ ৰহমান ছিপাঝাৰ অঞ্চলৰ মাৰৈ হাই স্কুলৰ সহকাৰী শিক্ষক হিফজুৰ ৰহমান আৰু খাদিজা বেগমৰ দ্বিতীয় জীয়ৰী।