“মহত্ত্বপূর্ণ উৎসৱ অম্বুবাচী” – দীপাঞ্জলি ভট্টাচাৰ্য

pc Awesome Assam

ত্বং আদ্যা দেৱী কামাখ্যা ৰূপেন জগত্মাতৃকা
তত চৰণাৰ বিন্দ সবৰ্ভুতানাং স্বর্মপয়ামি
কামাখ্যা বৰদে দেৱী নীল পর্ব্বত বাসিনী
ত্বং দেৱী জগতাং মাত যোনিমুদ্রে ন মোহস্ততে

            আমাৰ লৌকিক উৎসৱসমূহৰ ভিতৰত অম্বুবাচী বা আমতি এক মহত্বপূর্ণ বছৰেকীয়া উৎসৱ, অম্বুবাচী হৈছে সংস্কৃত শব্দ। সংস্কৃতত অম্বু মানে পানী আৰু বাচী মানে প্রকাশ। লোকবিশ্বাস তথা জ্যোতিষশাস্ত্র অনুসৰি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰত তিনিপাদ শেষ হ’লে চতুৰ্থপাদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী মা ধৰিত্ৰী ৰজস্বলা হয়। সেয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ হিন্দু লোকসকলে আমতি বা অম্বুবাচী উৎসৱ পালন কৰে। অম্বুবাচী আৰম্ভ হোৱাৰ দিনা প্ৰবৃত্তি আৰু শেষ হোৱাৰ দিনা নিবৃত্তি বুলি জনা যায়।

           অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰত কোনোধৰণৰ মাংগলিক অনুষ্ঠান পালন কৰা নহয়। মন্দিৰৰ সকলো দুৱাৰ এই তিনিদিন বন্ধ ৰাখে, কাৰণ অসমৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ ৫১ পীঠৰ ভিতৰত এক পৱিত্ৰ তীৰ্থস্থান। এই তীর্থস্থানত দক্ষ নন্দিনী মা সতীৰ যোনি পৰিছিল বুলি কথিত আছে। সেইকাৰণে আমতিৰ কালছোৱাত দেৱী কামাখ্যা মন্দিৰৰ দুৱাৰ দৰ্শণাৰ্থীৰ অর্থে বন্ধ কৰি দিয়া হয় তথা মন্দিৰৰ সকলো পূজা – সেৱা কৰাৰ পৰা বিৰত থাকে। এই সময়ত মন্দিৰ প্ৰাংগণত যথেষ্ট ভক্তৰ সমাৱেশ হয় আৰু চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷ মন্দিৰ প্ৰাংগণত এখন বিশাল মেলাৰো আয়োজন কৰা হয় ৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সোঁত বোৱা ভক্তগণে এই তিনিদিন মা কামাখ্যা ধামৰ চৌপাশে দিনে-নিশাই থাকি নাম-কীৰ্তন কৰি মন্দিৰৰ বাহিৰত ধূপ-চাকি জ্বলাই দেৱী মাৰ ওচৰত আঁঠু লয় ৷ নানা ঠাইৰ পৰা অহা তান্ত্রিক মুনিসকলেও বিভিন্ন ধর্মালোচনা কৰে আৰু সৰু-সুৰা অলৌকিক কাৰ্য কৰি দেখুৱায়। মহিলাসকলেও উৰ্বৰতা আৰু সন্তান প্রাপ্তিৰ বাবে দেৱী মাৰ আশীৰ্বাদ ল’বলৈ আহে। নিবৃত্তিৰ দিনা অর্থাৎ চতুর্থ দিনা মন্দিৰৰ গৰ্ভগৃহত মা কামাখ্যা দেৱীক স্নান কৰাই পূজা শেষ হোৱাৰ পাছত সমৱেত হোৱা অগণন ভক্তৰ কাৰণে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়। সেইদিনা ভক্তসকলৰ মাজত পাণ্ডাসকলে ৰক্তবস্ত্ৰ প্ৰদান কৰে। দেৱী পীঠৰ পৰা অহা এই ৰক্তবস্ত্ৰ বিতৰণত ভক্তগণৰ মাজত হেতা-ওপৰা লাগে। কাৰণ এই ৰক্তবস্ত্ৰ ধাৰণ কৰিলে অভিষ্ট সিদ্ধি হয় বুলি মান্যতা আছে। উৰ্বৰা বিশ্বাসৰ ভেটিত গঢ় লৈ উঠা তথা ওতপ্রোতভাৱে সম্বন্ধ থকা এই মহত্ত্বপূর্ণ আমতিৰা অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, মাটি চহোৱা, ঘাঁহ-বন চাফা কৰা, গছৰ পৰা শস্য ছিঙা কাৰ্যবোৰ কৰাৰ পৰা বিৰত থাকে ৷ ঘৰুৱা নীতি-নিয়মৰ ক্ষেত্ৰত অধিকসংখ্যক হিন্দু লোকৰ ঘৰত গোসাঁই ঘৰ আৰু অন্যান্য মঠ-মন্দিৰ বন্ধ থাকে। পূজা-পার্বণো নকৰে। কোনোধৰণৰ মাংগলিক কাৰ্য, বিবাহ, চূড়াকৰণ আদি সম্পন্ন কৰা নহয়। বিধৱাসকলে প্রবৃত্তিৰ পৰা নিবৃত্তিলৈকে ৰন্ধা বস্তু গ্ৰহণ নকৰে ৷ কেৱল ফলাহাৰহে গ্ৰহণ কৰে। তদুপৰি প্রবৃত্তিৰ আগেয়ে কলহ বা আন ডাঙৰ পাত্ৰত পানী ভৰাই কলপাত বা ওখ ঠাইত তুলি থয়। সেইদৰে ফলমূলো বাঁহৰ চাং, ওখ পীৰা বা টেবুল আদিত থয়। কামৰূপৰ কোনো কোনো ঠাইত বিধৱা মহিলাসকলে মাটিত পৰা বস্তুও গ্ৰহণ নকৰে। আমতি ভাঙিবৰ দিনা হিন্দু লোকসকলে গোসাঁই ঘৰ, মঠ-মন্দিৰ চাফ-চিকুণ কৰি ঘৰ-দুৱাৰ মচি-কাচি, কাপোৰ কানি ধুই তুলসী পানী ছটিয়াই ঘৰখন পৱিত্ৰ কৰে। ঘনে ঘনে দি থকা বাৰিষাৰ বৰষুণজাকেও ঋতুমতী পৃথিৱী আই বসুমতীক ধুই নিকা কৰে, চাৰিওফালে ফুলে-ফলে জাতিষ্কাৰ হৈ উঠে। এই আয়তী বা অম্বুবাচী এনেধৰণৰ নীতি-নিয়মৰ মাজেৰে অসমৰ লগতে উত্তৰ বংগৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে আজিও পালন কৰি আহিছে আৰু ভৱিষ্যতলৈও পালন কৰি থাকিব।

দীপাঞ্জলি ভট্টাচাৰ্য
ফোন : ৮১৩৫৮-৪৭৭১৩

[বিঃ দ্ৰঃ – “অসমীয়া খবৰ” কাকতত ২৩ জুনত প্ৰকাশিত]