ফাটবিহুৰ বিষয়ে একলম – মুন শৰ্মা

PC - Newsnextone
ফাটবিহুৰ বিষয়ে একলম
   মুন শৰ্মা,লখিমপুৰ
অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলা। লক্ষ্মীৰ দেৱীৰ বসতি  বুলি বিশ্বাস থকা  এই লখিমপুৰ জিলাৰে পূব অংশত অৱস্থিত সোৱণশিৰি  নৈৰ কাষৰীয়া এখন ঠাই নাম ঢকুৱাখনা। তাতে অৱস্থিত এখন নৈ নাম চাৰিকড়ীয়া যাৰ পাৰতে  মহঘূলি চাপৰি নামৰ  এখন ঠাইত উৎপত্তি হৈছিল  অসমীয়া  হেঁপাহৰ বিহুৰ সংস্কৃতিৰ এটি প্ৰতীক,  চিনাকি দিছিল অসমীয়া সংস্কৃতিৰ এটা আদিম ৰূপৰ পৰিচয়, নাম আছিল “ফাটবিহু”।ষোল্ল শতিকাৰ  আগতে উৎপত্তি বুলি  বিশ্বাস কৰা আৰু ষোল্ল শতিকাৰ পৰা “ফাটবিহু” ৰূপে  চিনাকি পোৱা পাছত  বহু কাল  প্ৰচলিত হৈ আহি আহি ১৯৪৮ চনত  ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় য’ত  মহান অসমীয়া  সাহিত্যিক “হোমেন বৰগোহাঞিৰ” দেৱে শিক্ষা গ্ৰহণ কৰিছিল  তাৰ খেলপথাৰত  আধুনিক ৰূপত অনুষ্ঠিত হৈ আহি আহি বৰ্তমান সময়তো  বিকৃতকৰণ আৰু কৃতিমতাৰ দাগ নলগাকৈ অনুষ্ঠিত হৈ আহিছে বহাগ বিহুৰ এটা দাল বুলি জনাজাত  “ফাটবিহু”।পূৰ্বতে  বহাগ মাহৰ এদিন বা বা তিনিদিন নহলে সাত দিন অথবা বাৰ দিন বা কুৰি দিনৰ পাছত অনুষ্ঠিত হোৱা এই ফাটবিহুত  মহঘূলি নামৰ ঠাই খনৰ  কিছু অংশৰ হাবি বন কাটি চাফা কৰি  বিহুতলী কৰি  কাষৰীয়া গাঁওৰ সমূহৰ  বিভিন্ন বিহু দলে বিহু পৰিবেশন কৰিছিল।ইয়াত আমি মৰা বিহুৰ উপৰিও হুঁচৰি,টকা বিহু গাভৰু বিহু, মিচিং বিহু, দেউৰী বিহু আদিকে অনেক ধৰণৰ বিহু পৰিবেশন কৰা হয়। উল্লেখ্য যে যদিও বৰ্তমান আধুনিকতাৰ স্পৰ্শত   উৎসৱটো উদযাপন  বিভিন্ন আধুনিক  পদ্ধতি  প্ৰয়োগ কৰা হৈছে তথাপি আজিও বেছি সংখ্যক বিহু দলৰে নাচোন ভঙ্গী আৰু বিহু গীত সমূহ অতি  পুৰণি কালৰ। যিবোৰে এতিয়াও তাত দৰ্শকৰ মাজত আগৰ দৰেই আদিৰ পাই আহিছে। অন্যহাতে এই উৎসৱটো  বিহু আৰু ৰং ধেমালি  বাবে বিখ্যাত  হোৱাৰ উপৰিও ই  অতীতৰ পৰা অঞ্চলটোৰ ইখন গাঁৱৰ লগত সিখন গাঁও  আৰু অঞ্চলটোত বসবাস কৰা প্ৰতিটো জাতি, জনগোষ্ঠী মিলনৰ থলী হৈ  উঠে যিয়ে সাম্প্ৰতিক সময়ত এক দৃষ্টান্ত  দাঙি ধৰি আহিছে। কিয়নো ইয়াত  বিহুৰ দলৰ উপৰিও। দৰ্শক হিচাপে ইয়ালৈ।  উৎসৱৰ বতৰত অসম ভূমিত বাস কৰা আহোম, চুতীয়া, কছাৰী,কলিতা, দেউৰী মুচলমান, কোচ আদি বিভিন্ন  সম্প্ৰদায়ৰ লোকে  উপচি পৰা দেখা যায়।ঢকুৱাখনাৰ মাজেৰে  এখন বৈ যোৱা  সৰু অৰ্থাৎ এখন ধুনীয়া নৈ চাৰিকড়ীয়া  (তাহানিতে নৈ পাৰ হবলৈ নাৱৰীয়াই যাত্ৰীৰ পৰা চাৰিটা কৰি বিচাৰিছিল,সেয়ে তাৰ নাম চাৰিকড়ীয়া হ’ল বুলি জনা যায়)  পাৰৰে  এই “ফাটবিহু” উৎসৱৰ আছে উৎপত্তি সম্পৰ্কে বিভিন্ন প্ৰচলিত কাহিনী তাৰে  দুটা হ’ল এনে ধৰণৰ… প্ৰথম কাহিনীৰ মতে আহোম ৰজাৰ দিনত এই ঠাইত এবাৰ বিহু অনুষ্ঠিত হৈছিল আৰু ইয়াক চাবলৈ বহুত দূৰৰ পৰা হাজাৰ হাজাৰ মানুহ আহিল তাৰ পাছত বিহু বলিয়া মানুহৰ উৎপাতত এই ঠাইত ফাট মেলিছিল,সেয়ে তেতিয়া  পৰা ইয়াৰ নাম ফাটবিহু হ’ল।দ্বিতীয় কাহিনীৰ মতে আহোম স্বৰ্গদেউসকলে যেতিয়া বিহু ৰংঘৰৰ বাকৰিত  অনুষ্ঠিত কৰিছিল তেতিয়া   উত্তৰ পাৰৰ পৰা এটা দল ৰংঘৰত বিহু  মাৰিব যাওঁতে কোনোবাই বাধা দি বিহু মাৰিবলৈ নিদিলে ফলত উত্তৰ পাৰৰ দলটোৱে  সেই ঠাইতে বেলেগকৈ ফাটি আহি বিহু অনুষ্ঠিত কৰিছিল এয়েই বোলে ফাটবিহু।তৃতীয় কাহিনীৰ মতে এসময়ত এই ঠাইত খৰাং হৈছিল আৰু খৰাং ফলত মাটি ফাটি গৈছিল। ইয়াৰ ইয়াৰ পৰা উদ্ধাৰ পাবলৈ ঠাই খনৰ লোক সকলে পূজা পাতল কৰিছিল কিন্তু উদ্ধাৰ পোৱা নাছিল এনেকৈয়ে কিছু দিন যোৱাৰ পাছত কাৰোবাৰ উপদেশ মৰ্মে ইয়াত তেওঁলোকে বিহু পাতিছিল  ফলত  আচৰিত ধৰণে  খৰাং আঁতৰি গৈছিল আৰু মাটি ফটা বন্ধ হৈছিল। তেতিয়াৰ পৰা বোলে তেওঁলোকে এই বিহু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ইয়াক উদযাপন কৰি আহিছে আৰু নাম ৰাখিলে “ফাটবিহু”।চতুৰ্থ কাহিনী মতে  ইয়াত এবাৰ বিহু চলি থকা সময়ত বহুতো বিঘিনি ঘটিছিল, ঢুলীয়াৰ ঢোল ফাটিছিল, নাচনীৰ কাপোৰ ফাটিছিল, বিহু নাম গাওঁতে মাত ফাটিছিল সেয়ে বোলে ইয়াৰ নাম তেতিয়াৰ পৰা “ফাটবিহু” নামেৰে জনাজাত হ’ল।এনেকৈয়ে বহু লোকবিশ্বাস মূলক কাহিনীৰ প্ৰচলন থকা অসমৰ সংস্কৃতিৰ অতি প্ৰাচীন উৎসৱ সমূহৰ অন্যতম “ফাটবিহুৱে অতীতৰ পৰা অসমীয়াক দি আছে এক সুকীয়া বৈশিষ্ট আৰু কৰি আছে নিৰ্ভেজাল ৰূপৰ অসমীয়া সংস্কৃতিৰ প্ৰচাৰ।