এজাক ধুমুহাৰ শেষত
মৃদুলা বৰুৱা
মৰমৰ টুনী চৰাই হালি
নীলাম্বৰৰ প্ৰান্তে প্ৰান্তে
উৰিছিল এদিন
হেঁপাহৰ দুপাখী মেলি,
দেও দি নাচিছিল
মোৰ চোতালত,
খেৰ-কুটা গোটাই
জবা জোপাৰ খোৰোঙত
ৰচিছিল সপোন।
হঠাৎ আহিল কʼৰবাৰ পৰা
বলিয়া ধুমুহাজাক
চৌদিশে তাণ্ডব কৰি
উৰুৱাই নিলে সিহঁতৰ
সপোন পজা ।
ধুমুহা শেষ হ’ল
পৃথিৱীও শান্ত হ’ল
মাথোঁ সিহঁতৰ কণমানি দুটি
ধুমুহাৰ মাজতে হেৰাই গ’ল।
ওৰে ৰাতি সিহঁতৰ হৃদয়ত
বলিলে বেদনাৰ ধুমুহা,
দুচকুত জিলিকি উঠিল
দুখৰ হুমুনিয়াহ।
পুৱা সূৰুযৰ কিৰণে
দুচকুৰ বিষাদ মচি দিলে
সপোনৰ ঠিকনা বিচাৰি দুয়োয়ে
আকৌ খেৰ-কুটা গোটালে,
হয়তো সিহঁতেও বুজি উঠিলে
এইয়া যে সংগ্ৰামৰ জীৱন।