লক্ষ্যপথ
বিফল হৈয়ো
আকৌ ঘূৰি চাইছোঁ
নিজকে চম্ভালিছোঁ
কাৰণ লক্ষ্যত স্থিৰ আছোঁ
ভুল কৰিও
শিক্ষা গ্ৰহণ কৰিছোঁ
লক্ষ্যৰ পৰা বিচলিত হ’ব নোখোজো
প্ৰতিকূলতা থকা স্বত্বেও
জীৱনৰ সৈতে যুঁজি আছোঁ
লক্ষ্য স্থিৰ কৰি আগুৱাই যাম
মোৰ পৰিচয় মোক নুসুধিবা
মই মানুহ
এয়াই মোৰ সবাতোকৈ ডাঙৰ পৰিচয়
যি আছে তাকে লৈ
সন্তুষ্টি প্ৰকাশ কৰিবলৈ শিকিছোঁ
কাৰণ লক্ষ্যত অটল আছোঁ ।
জেফলিন চুলতানা
(নগাঁও)
(নগাঁও)
