আই আই টি গুৱাহাটীৰ “ব’হাগৰ দুৱাৰডলিত” অনুষ্ঠানৰ জন্মৰ বিষয়ে দুৱাষাৰ

আই আই টি গুৱাহাটীৰ “ব’হাগৰ দুৱাৰডলিত” অনুষ্ঠানৰ জন্মৰ বিষয়ে দুৱাষাৰ

ড° বুলজিৎ বুঢ়াগোহাঁই,  ড° প্রশান্তজ্যোতি গৌতম আৰু  ভানুশঙ্কৰ ৰাজখোৱা

        কিছু মনে মিলা মানুহ একেলগে থাকি দৈনন্দিন কাম কাজৰ মাজতে সময় উলিয়াই ৰং- ৰহইচৰ বাবে চিন্তা কৰোতেই সম্ভৱতঃ সৃষ্টি হয় সংস্কৃতি। প্রায় দুই দশকৰ আগতে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি) গুৱাহাটীত অধ্যয়নৰত অসমৰ ছাত্র-ছাত্রীৰ সংখ্যা তেনেই তাকৰ আছিল । ভাৰতৰ অন্য অংশৰ ছাত্র-ছাত্রীৰ তুলনাত সংখ্যালঘূ আছিল । সেই সময়ত যিসকল অসমৰ ছাত্র-ছাত্রী আছিল তেওঁলোকৰ সকলোৰে লগত চা-চিনাকি নাছিল আৰু  সমূহীয়াকৈ গোট খাই অনুষ্ঠান আদিও উদযাপন হোৱা নাছিল । লাহে লাহে অসমৰ ছাত্র-ছাত্রীৰ সংখ্যা কিছু বাঢ়িল। ২০০৬ চনত ৰসায়ন বিজ্ঞানৰ গৱেষক ছাত্ৰ বল্লভমণি বৰাই অসমৰ সকলো ছাত্র-ছাত্রীয়ে একেলগে কিবা এটা উদযাপন কৰাৰ কথা ওলিয়ালে। কাৰ্য্যতঃ কেইজনমান  ছাত্র-ছাত্রী লগ হৈ ভোজ এটা খোৱাৰ বাহিৰে বিশেষ একো নহ’ল ।

        ২০০৭ চনত ব’হাগৰ আগে আগে কথাটো পুনৰ বিবেচনা হ’ল আৰু সেইবাৰ এক প্রকাৰৰ আয়োজন হ’ল। আলোচনা মৰ্মে সিদ্ধান্ত হ’ল যে অসমৰ অনুষ্ঠান যেতিয়া বিহু থাকিবই লাগিব। মানে ঢোল,তাল , পেপাৰ সৈতে বিহু মৰা হ’ব। সেইমৰ্মে অনুশীলন আৰম্ভ হ’ল । ঢোলৰ শব্দ শুনি সেইসময়ৰ বহুকেইজন অসমৰ অধ্যাপক, কৰ্মচাৰীয়ে খবৰ ল’বলৈও আহিল। দিন ঠিক কৰা হ’ল ২২চ’ত (ইংৰাজী ০৬/০৪/২০০৭)। খোৱা বোৱাৰো ব্যৱস্থা হ’ল- অসমৰ পিঠা-পনাৰে চাহ, লগতে অসমীয়া আহাৰৰ নৈশ-ভোজ।

      অনুষ্ঠানটোৰ এটা নামৰ কথা চিন্ত কৰা হ’ল । দুই এজনে নাম আগবঢ়ালে, শেষত ৰসায়ন বিজ্ঞান বিভাগৰে আন এজন গৱেষক ছাত্ৰ প্রশান্তজ্যোতি গৌতমে প্রস্তাৱ কৰা “ব’হাগৰ দুৱাৰডলিত” নামটো গ্রহণ কৰা হয় । যিহেতু অনুষ্ঠানটো  অসমৰ ছাত্র-ছাত্রীসকলে বহাগ বিহুৰ সময়ত ঘৰলৈ যোৱাৰ আগতে পতা হৈছিল।

    “ব’হাগৰ দুৱাৰডলিত” অনুষ্ঠানটো পাতিবৰ বাবে  স্থান ঠিক কৰা হৈছিল বৰ্তমানৰ কামেং হোষ্টেলৰ আগলৈ গৈ পোৱা নীলা টিঙৰ ট্রানজিৎ কমপ্লেক্সৰ ভিতৰৰ চোতালত। তেতিয়া সেই অংশটো গোটেই আই আই টিৰ বাবে আছিল। প্রায়বোৰ ক্লাচৰুম , ডাইৰেক্টৰৰ অফিচ , বেংক, লাইব্ৰেৰী , প্রসাশনিক বিভাগ সকলো তাত আছিল । কেম্পাচৰ মুখ্য প্রৱেশদ্বাৰ আছিল অকচৰা স্কুলৰ সন্মূখৰ ফালে থকা গেটখন। সেই অনুসৰি নীলাটিঙৰ ঘৰটোৱেই আছিল সৰ্ম্পূণ আই আই টি গুৱাহাটী (IIT Guwagati); লগত আছিল মানস, দিহিং , চিয়াং, কপিলী, কামেং আৰু গাৰ্লচ হোষ্টেল, কেইটামান কোৱাৰ্টাৰ। একাডেমিক কমপ্লেক্সৰ সন্মূখত কেইটামান ক্লাচৰুম আছিল; পাছফালৰ ভাগ নিৰ্মীয়মান, সেইফালে আহ-যাহ কম আছিল।

     অনুষ্ঠানটিৰ প্রথমৰ পৰাই শক্তি বিভাগৰ তেতিয়াৰ গৱেষক ছাত্ৰ বুলজিৎ বুঢ়াগোহাঁয়ে প্রধান উপদেষ্টাৰ দৰে কাম কৰিব লগীয়া হৈছিল। তেখেতৰ উদ্ধোধনী ভাষণেৰেই প্রথম বাৰৰ ‘ব’হাগৰ দুৱাৰডলিত’ শুভাৰম্ভ হৈছিল ।  অগ্ৰজ ছাত্র হিচাপে তেখেতে ২০১০ চনলৈকে প্রতিবাৰেই ভিন্ন উপদেশেৰে অনুষ্ঠানটোক আগবঢ়াই নিয়াত সহায় কৰিছিল।

     প্রথম বৰ্ষতেই উপস্থিত সকলোকে এখনকৈ গ্রীটিংচ কাৰ্ড দিয়াৰ ব্যৱস্থাও কৰা হৈছিল। ইয়াৰ প্রধান দ্বায়িত্বত আছিল ৰসায়ন বিজ্ঞান বিভাগৰে আৰু এজন গৱেষক ছাত্ৰ শোণিত কুমাৰ গগৈ। তেওঁ বাকী সকলৰ লগ লাগি সেউজীয়া ৰঙৰ এখনি আকৰ্ষণীয় কাৰ্ড ডিজাইন কৰি ওলিয়াইছিল ।

        চ’তৰ শেষত ব’হাগৰ প্ৰাকক্ষণত অনুষ্ঠিত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহৰ চানেকি আছিল হুঁচৰি। হুঁচৰিৰ বাবে আইচেংকিং চাওলু আৰু ভানুশঙ্কৰ ৰাজখোৱাই  অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা বিহুৰ বাদ্যযন্ত্ৰৰ লগতে চোলা, গামোচা, টঙালি আদি আৰু  আই আই টি গুৱাহাটীৰ  বি-টাইপ কোৱাৰ্টাৰৰ কৰ্মচাৰীৰ পৰা ধূতি অনাৰ ব্যৱস্থা কৰিছিল। অনুষ্ঠানটোত ঢোল বজাইছিল আইচেংকিং চাওলু আৰু প্ৰৱেশ কুমাৰ মিলিয়ে। বিহুৱা বিহুৱতীসকলক প্ৰস্তুত কৰাৰ গুৰু দায়িত্ব পালন কৰিছিল মুখ্যতঃ প্ৰৱেশ মিলি আৰু অৰ্চনা দাসে। হুঁচৰিৰ লগতে কোৰাচ আৰু একক নৃত্য আদিৰে অনুষ্ঠানটোৰ শোভা বৰ্ধন কৰা হৈছিল।

       অনুষ্ঠানটিৰ প্রথম সংস্কৰণত উপস্থিত আছিল বৰ্তমানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্রদ্ধাৰ  অনুপ গগৈ ডাঙৰীয়া। গগৈ চাৰ আৰু পৰিবাৰে শেষলৈ বিহু অনুষ্ঠানটোত সহযোগ ও উপভোগ কৰিছিল । তাৰোপৰি উপস্থিত আছিল শ্রদ্ধাৰ প্রণৱ গোস্বামী চাৰ আৰু পৰিয়াল । তেখেত সকলৰ সান্নিধ্যইও সকলোকে অনুপ্রাণিত কৰিছিল।

       “ব’হাগৰ দুৱাৰডলিত” প্ৰথম সংস্কৰণ(০৬/০৪/২০০৭)ত  উপস্থিত থকা ৰাইজৰ নামসমূহ (হস্তাক্ষৰ অনুসৰি): প্ৰণৱ গোস্বামী,বুলজিৎ বুঢ়াগোহাঁই,মানস প্ৰতীম কলিতা,দ্বীপজ্যোতি সোণোৱাল,মৃদুপৱণ সোণোৱাল,লক্ষ্যজ্যোতি গগৈ,জিতু তামূলী,গোপাল কুমাৰ শৰ্মা,বাজাল হ’ক,প্ৰসেনজিৎ সাহা,বিমলেশ ওজা,হীৰালাল ভৌমিক,আইচেংকিং চাওলু,ভানুশঙ্কৰ ৰাজখোৱা,গীতিকা  দত্ত, লিপিকা ডেকা,অৰ্পনা নাথ,কল্পনা বৰা,ৰশ্মি দত্ত বৰুৱা,প্ৰিয়ঙ্কা বৰুৱা, বৰ্ণালী বাইলুং,পূৰৱী গগৈ,মণিকঙ্কনা শৰ্মা,পৰিণীতা চুতীয়া,জেচমিনি ডেকা ,পঙ্কজ নাথ, অনামিকা পাল,অভিজিত দত্ত,অৰুণজ্যোতি শৰ্মা,দীপমণি ডেকা ,দিগন্ত বৰ্মন, হিমাংশু শইকীয়া,অঞ্জন জ্যোতি হীৰা,প্ৰাঞ্জল কুমাৰ দাস,সন্দীপ কুমাৰ শৰ্মা, দ্বীপজ্যোতি ডেকা,দিপাংকৰ দাস,ৰাজীব দাস,অনিমেষ দাস,ঋষিকেশ সূত্ৰধাৰ, অসীমজ্যোতি দাস,অংকুৰ ভৰালী,হৃদ্ধি সুন্দৰ দলে,পাৰ্থ শইকীয়া,অৰুণ ডিফু,অসীম চক্ৰৱৰ্তী,দিপাংকৰ দাস,কুসুম কুমাৰ বণিয়া,ৰূপম শৰ্মা, প্ৰশান্ত জ্যোতি গৌতম,ছাহিদ হুছেইন,গুণীন শইকীয়া ,আদৰ্শ বিকাশ শইকীয়া,অংকুৰ বসুমতাৰী, প্ৰাঞ্জল জ্যোতি শৰ্মা, প্ৰবেশ কুমাৰ মিলি,বল্লভ মণি বৰা,অনুপ গগৈ,প্ৰমীলা গগৈ, সুচান্দ নয়ন শৰ্ম্মা,মদৎ ব্ৰহ্ম,ৰাজদীপ শ্যাম,মানবেন্দ্ৰ শৰ্মা, কৃতী সুন্দৰ দাস,অৰ্চনা দাস,অজন্তা কলিতা,শোণিত কুমাৰ গগৈ,জুবিলী পুৰকায়স্থ,মোণাবীলী বসুমতাৰী, জিতেন্দ্ৰ টাইড, ধ্ৰুৱজ্যোতি কলিতা, পৰাগ দত্ত, চৈতন্য কুমাৰ ভৰদ্বাজ,অশ্বিনী কুমাৰ দাস,দেৱজিৎ কলিতা আৰু কৃষ্ণকান্তি দে’ ।

      “ব’হাগৰ ডুৱাৰদলি”ৰ প্ৰথম সংস্কৰণৰ যোগেদি সেই সময়ত আই আই টি গুৱাহাটীৰ বিভিন্ন হোষ্টেলৰ থকা  B.Tech, M.Tech., MSc, MA, PhD আৰু Project Staff সকলোকে একগোট কৰাৰ চেষ্টা সফল হৈছিল বুলি আমাৰ মনে ধৰিছিল। বৰ্তমান প্ৰজন্মই এই ধাৰা অক্ষুণ্ণ ৰাখিছে বুলি জানি আমি নথৈ আনন্দিত হৈছো আৰু প্ৰতি বছৰে যেন আই আই টি গুৱাহাটীত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মকৰল আৰু তেওঁলোকৰ অৱদান অনবদ্য হওক, তাৰেই কামনা কৰিছোঁ।