মানুহে আকৌ পাহৰিবলৈ আৰম্ভ কৰিছে
মানৱৰূপী চৰিত্ৰটো বৰ জটিল চৰিত্ৰ। মানুহে এসময়ত যিমান যন্ত্ৰণাত ভুগিলেও সময়ৰ সোঁতত লাহে লাহে সকলোবোৰ পাহৰিবলৈ আৰম্ভ কৰি দিয়ে। আচলতে মানুহে নিজ স্বাৰ্থৰ আগত মানৱ জাতিৰ হিতৰ কথাওঁ আওকাণ কৰি চলিবলৈ বাধ্য হয়। তাৰে জ্বলন্ত উদাহৰণ আপোনালোকৰ আগত বহুতো আছে। গতিকে মই হয়তো এটা এটাকৈ আপোনালোকৰ আগত অবগত কৰাবলৈ কোনো দৰকাৰ নাই। তথাপিও দুই,এটি প্ৰসংগ উল্লেখ কৰিবলৈ মন গৈছে। চাওঁক আমি মটৰ চাইকেল,গাড়ী চলোৱাৰ সময়ত কিছুমান আইন মানি চলিবলগীয়া হয়। কিন্তু আমি যেতিয়া প্ৰশাসনিক দিশৰ কটকটীয়া তদন্ত আৰম্ভ হয় তেতিয়াই সকলোৱে সতৰ্কতা অবলম্ব কৰে। অৰ্থাৎ ইয়াত প্ৰকৃততে দুয়োটা পক্ষৰে ভুল আছে। কাৰণ চৰকাৰ বা প্ৰশাসনৰ ইয়াত প্ৰধান উদ্দেশ্য হ’ব লাগে মানুহক নিৰাপত্তা প্ৰদান কৰা । কিন্তু চৰকাৰ বা প্ৰশাসনে ইয়াক ধন বা কৰ সংগ্ৰহৰ এক মাধ্যম কৰি লৈছে নহয়নে?। এনেকৈ মানৱ হিতৰ উদ্দেশ্য আগত ৰাখি অলপমান দিনৰ আগতে আমাৰ মাজত গাই, গৰুৰ ক্ৰয়,বিক্ৰীত লগা কেতবোৰ প্ৰতিবন্ধকতা,মাটি দালালৰ নিষিদ্ধকৰণ, শিশু শ্ৰমিক বা শিশু প্ৰতাৰণা বন্ধ কৰা। আচলতে এনে দিশবোৰ লাহে লাহে মানুহে আকৌ পাহৰিবলৈ আৰম্ভ কৰিছে। আচলতে এনেবোৰ আইন আমাৰ মানৱ কল্যাণৰ বাবেই বলবদ্ধ কৰা হয়। তথাপিও আমি এইবোৰ ক্ষেত্ৰত কিমান সচেতন?। ইয়াৰ উপৰিও এইবোৰ ক্ষেত্ৰত চৰকাৰ, প্ৰশাসনিক ভুমিকা কিমান প্ৰশংসনীয় ?।
গতিকে মই মোৰ মস্তিষ্কৰ জ্ঞান বৰ্ধনৰ আৰম্ভণিৰে পৰা বৰ্তমান সময়লৈকে যিবোৰ কথা আমাৰ দেশত বা আমাৰ ৰাজ্যত প্ৰত্যক্ষ কৰি আহিছোঁ তাৰে সামান্য কিছুমান দিশ আপোনালোকৰ আগত আলোকপাত কৰিবলৈ যত্ন কৰিলোঁ। আচলতে আমাৰ হিতৰ বিষয়ে চিন্তা কৰি লোৱা কেতবোৰ পদক্ষেপ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিলেহে আমি লাহে লাহে উন্নতিৰ মাৰ্গলৈ দিনক দিনে আগুৱাই যাব পাৰিম। লগতে চৰকাৰ, প্ৰশাসন আৰু সৰ্বসাধাৰণ জনতাৰ সহযোগীতাৰ ফলত বৰ সহজতে একো সমস্যাৰ সন্মুখীন নোহোৱাকৈ আমি সকলো সমস্যা সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ’ম।
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি , অসম