আপুনি জানে নে আপুনি কি?- কাজি শ্বাহাদত ইছলাম

Pc Proflowers
আপুনি জানে নে আপুনি কি?
      আপুনি যন্ত্ৰণাত ভুগিছে, আপুনি বহুত চিন্তাত ভুগিছে,এনে এক চিন্তা যাৰ সমাধান নাই। চৌদিশে দৃষ্টি নিক্ষেপ কৰিলে ঘোৰ অন্ধকাৰৰ বাহিৰে একো দেখা নাপায় আপুনি। আপুনি কাকো মনৰ কথা খুলি ক’ব পৰা নাই অথবা প্ৰত্যক্ষ পৰোক্ষভাৱে কোনো ইংগিতেৰেও বুজাব পৰা নাই।হয়তো বুজাব বা ক’ব পাৰিলেহেঁতেন কিন্তু তেনে মানুহবোৰ আপোনাৰ জীৱনত নাই কিম্বা আছিল যদিও প্ৰৰোচনা কৰি আঁতৰি গৈছে। এতিয়া কাকো আপোনাৰ বিশ্বাস নহয় বৰঞ্চ ঘৃণা হে হয়।আৰু আপুনি এয়াও ভাবি পেলাইছে  যে দুঠেঙীয়া মানুহ নামৰ প্ৰাণীটো খুবেই নিকৃষ্ট গতিকে ইহঁতক কেতিয়াও বিশ্বাস নকৰিব বুলি।তাৰোপৰি আপুনি নিজৰ ছাঁটোকো ভয় কৰি ফুৰে।
আপোনাৰ ধাৰণামতে আত্মহত্যা কৰাৰ বাহিৰে আপোনাৰ হাতত কোনো পথ নাই।
      নাই, আপুনি ভুল সিদ্ধান্ত লৈছে। আপুনি ইতিমধ্যে গোটেই পৃথিৱীখনক চিনি পাইছে অথচ নিজক চিনি পোৱা নাই। আপোনাৰ নিজৰ মাজত থকা বস্তুখিনি উলিয়াই আনিব পৰা নাই,নিজকে আৱিষ্কাৰ কৰিব পৰা নাই আপুনি যাৰ বাবেই সৰল পথৰ সন্ধান পোৱা নাই।আপোনাৰ দুচকুত ফাগুনৰ ধূলিবোৰৰ দৰে মাথোঁ বক্ৰপথবোৰ ভাহি থাকে।
    আপুনি জানে নে, আপোনাৰ এই সকলো ধৰণৰ দূৰাৱস্থাৰ বাবে জগৰীয়া কোন? নাই আপুনি নাজানে,জানিলে নিজকে কেতিয়াবাই পৰিৱৰ্তন কৰিব পাৰিলেহেঁতেন।আপোনাৰ সমস্ত ক্ষতিকাৰক দিশবোৰৰ বাবে আপুনি নিজেই জগৰীয়া।কাৰণ আপুনি সুখৰ চাবি কাঠি অন্যৰ হাতত গতাই দিছে।আপোনাৰ জীৱন ছুইচ্ছ আৰু বাল্বৰ দৰে কৰিছে।যি ছুইচ্ছ টিপাৰ ক্ষমতা অন্যৰ হাতত গতাই দি আপুনি এটা বাল্বৰ দৰে জীৱন যাপন কৰি আছে। আপুনি কিয় ভাবে যে কোনোবা বিশেষ মানুহে আপোনাৰ সতে মিঠা মিঠা কথা ক’লে আপোনাৰ ভাল লাগিব?কাৰোবাৰ কান্ধত মূৰ থ’লে আপোনাৰ হৃদয়ে শান্তি লভিব।কোনোবাই এঘন্টা সময় আপোনাক গুৰুত্ব নিদিলে, আপোনাক ফোন মেচেজ নকৰিলে অথবা আপোনাৰ সতে লগ নকৰিলে আপোনাৰ উশাহ বন্ধ হৈ যাব? আপুনি নাজানে নে আপোনাৰ মাজতে এনে শক্তি আছে যাৰ জৰিয়তে পৃথিৱী জয় কৰিব পাৰে?
আপুনি নিজেই নিজৰ পৰিপূৰক।
    এনে এটা সময় আছিল যেতিয়া আপুনি এটা ডাঙৰ যোদ্ধা আছিল।হয়, যেতিয়া আপুনি শুক্ৰাণু আকাৰে মাকৰ জুৰায়ুত প্ৰৱেশ কৰিছিল তেতিয়া লাখ লাখ শুক্ৰাণুৰ মাজত আপুনি ও এজন প্ৰতিযোগী আছিল।লাখ লাখ শুক্ৰাণুক পৰাস্ত কৰি যেতিয়া আপুনি বিজয়ী হৈছিল তেতিয়া কিন্তু আপুনি কাৰো সহায় লোৱা অথবা কাৰো ওপৰত ভৰসা কৰা নাছিল। আপুনি যেতিয়া মাকৰ গৰ্ভত তিলতিলকৈ ডাঙৰ হৈছিল তেতিয়াও কাৰোৰে কিবা আশা কৰা নাছিল অথচ আপুনি তেতিয়া আপোনাৰ কোনো অংগ-প্ৰত্যংগ নাছিল কিম্বা থাকিলেও তাৰ ক্ষমতাত প্ৰতিবন্ধকতা আছিল। কিন্তু আজি আপোনাৰ ওচৰত কি নাই,হাত ভৰি,চকু,কাণ,বাকশক্তি। তথাপিও আপুনি নিজকে ইমান পৰাধীন বুলি কিয় ভাবে। মানুহবোৰ এনেও স্বাৰ্থপৰ।কিবা নহয় কিবা স্বাৰ্থত হে আপোনাৰ লগত জড়িত হৈ আছে সিহঁত। সিহঁতেতো বিচাৰে আপোনাৰ চকুযুৰি সদায় তিতি থাকক। আপোনাৰ সুখত সিহঁত ঈৰ্ষান্বিত হয়।সিহঁত কেতিয়াও নিবিচাৰে আপুনি এখোপ ওপৰলৈ উঠক বা আগুৱাই যাওক।কাৰণ সিহঁত যে মানুহ।আৰু মানুহ জাতিটো সদায় কেঁকোৰানীতিত বিশ্বাসী।
    গতিকে আপুনি সেয়াই কৰক যিটো আপোনাৰ হৃদয়ে বিচাৰে।কাৰণ মানুহ জীয়াই থাকেই বা কিমান দিন। এই সামান্য কেইটা দিনতো যদি বেলেগৰ ফৰ্মূলাত জীয়াই থাকিবলগীয়া হয় তেন্তে তাৰ নিজৰ অস্তিত্বই বা কি?কেতিয়াও নিজৰ অস্তিত্ব আৰু নিজস্বতাক ধূলিসাৎ হ’বলৈ নিদিব।মাথোঁ এটা কথা লক্ষ্য ৰাখিব আপোনাৰ জৰিয়তে যাতে চৌপাশৰ কোনো প্ৰাণীয়ে কষ্টত নুভুগে লগতে সৃষ্টিকৰ্তা যাতে নাৰাজ নহয়।
কাজি শ্বাহাদত ইছলাম
দক্ষিনগাঁও, কাহিলীপাৰা