জলসংকট – বন্দিতা শৰ্মা কন্দলি

PC - Pratham Khabar

জলসংকট
( 22মাৰ্চ বিশ্ব জল দিৱস উপলক্ষে)

বন্দিতা শৰ্মা কন্দলি, তিতাবৰ 

বিশাল পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭১% ভাগ পানীয়ে আগুৰি আছে বুলি আমি সকলোৱে জানো। আমি ইয়াকো জানো যে পৃথিৱীত পোৱা সকলোখিনি পানী আমাৰ ব্যৱহাৰৰ উপযোগী বা খোৱাৰ উপযোগী নহয়! ইয়াৰ বৃহৎ অংশ পানী সাগৰ, মহাসাগৰ, নদী, হ্ৰদ,বৰফৰ চূড়াত থকাৰ উপৰিও ভূগৰ্ভত আৰু বায়ুমণ্ডলত থাকে। এই ভাগ পানী মানুহৰ খোৱাৰ উপযোগী অৰ্থাৎ নিৰ্মল পানী নহয়। বিপুল জল ৰাশিৰ ৯৭ শতাংশ ই সমুদ্ৰৰ লুণীয়া পানী। বাকী তিনি শতাংশ পানীৰো ৮৭ ভাগ পানী হাতেৰে ঢুকি পোৱাত নাই! আছে মেৰু অঞ্চলত বৰফৰ আকাৰত আৰু ভূগৰ্ভৰ স্তৰত।আশ্চৰ্যাম্বিত কথা যে ইমান বোৰ জ্ঞাত হোৱাৰ পাছতো আমাৰ সাধাৰণ ধাৰণা আছে যে দৈনন্দিন ব্যৱহাৰ্য বস্তুৰ ভিতৰত কম মূল্য (?) বা মূল্য হীন বস্তু টো হৈছে পানী। সেয়ে আমি অপচয় কৰা বা ব্যৱহাৰত সতৰ্ক নোহোৱা বস্তুৰ তালিকাত পানীয়েই প্ৰথম। অৰ্থাৎ ব্যৱহাৰ যোগ্য যি সামান্য পানী আছে সেই পানী প্ৰতিনিয়ত অপচয় হৈ আছে। ৰাজহুৱা স্থানৰ পানীৰ অপচয় অতি বেছি। পানী যোগান আঁচনি অৰ্থাৎ নাগৰিক প্ৰাধিকৰণৰ দ্বাৰা নলীৰে যোগান ধৰা পানী লক্ষ্যস্থান পোৱালৈ বহু পানী অপচয় হয়। সেই বোৰ পানী যোগান ধৰা নলীৰ ফাট বা মুক্ত নলীৰে অপচয় হোৱা পানী । পানীৰ মুক্ত নলীৰে অবাবত পানী নিগৰি পৰি থকাটো পানী অপচয়ৰ আন এটা ডাঙৰ উৎস। ব্যক্তিগত পৰ্য্যায়তো পানীৰ অপচয় বা ভুল ব্যৱস্থাপনা দেখা পোৱা যায়। ঘৰুৱা কাৰ্যত প্ৰয়োজনতকৈ অধিক পানীৰ ব্যৱহাৰো অন্য এক অপচয়।বাচন ধোৱা, দাঁত‌ ব্ৰাচ কৰা, দাঢ়ি খুৰোৱা, কাপোৰ ধোৱা আদি কাৰ্যত পানীৰ কল বন্ধ আৰু খোলাৰ সঠিক ব্যৱহাৰ নকৰাতোও পানীৰ অপচয়। খেতিয়ক সকলে পথাৰত পানী যোগান ধৰা ক্ষেত্ৰত মিতব্যয়ী নহ’লে পানী অপচয় হয় । বাগিচাত টোপাটোপে দিয়া পানী যোগান ব্যৱস্থা নাথাকিলে উদ্ভিদৰ গুৰিত পানী ঢালি দিলে বৈ যোৱা অংশৰ অপচয় হয় ।একেদৰে বৰষুণৰ পৰা পোৱা বেছি ভাগ পানীয়েই দূৰলৈ বৈ যায় ।ইয়ো অমূল্য প্ৰাকৃতিক সম্পদ অপচয়ৰ বাদে আন একো নহয় ।নিৰ্মাণ কাৰ্য সমুহ চলাই নিওতে বহু পৰিমাণে পানীৰ প্ৰয়োজন। এই পানী ভাগ ভূ গৰ্ভৰ জলপৃষ্ঠৰ পৰা উলিয়াই অনা হয়। বহু মহলীয়া ঘৰবোৰত ওপৰত থকা পানীৰ চৌবাচাত পানী তোলোতে পানী উপচি পৰি যোৱাৰ পাছত হে পানী তোলা মটৰৰ চুইচ বন্ধ কৰা দেখিবলৈ পোৱা যায় , ভাৰা ঘৰত থকা একাংশ ভাৰাতীয়াই পানী এনেদৰে অপচয় কৰে সেয়া ভূগৰ্ভৰ পানী নহৈ যেন মালিকৰ পানীহে( পইচা দিছোঁ যেতিয়া পানী খৰচ কৰাত কিহৰ বাধা?) আদি কাৰ্যই আমি জানি নাজানি পানীৰ মূল্য অনুভৱ কৰিব নোৱাৰাতোকেই প্ৰতিফলিত কৰে। এনে চিৰপৰিচিত দৃশ্যই ইয়াকে বুজাইছে যে আমি কেতিয়াও পানীৰ অভাৱ অনুভৱ কৰা নাই বা এদিনৰ বাবেও পানীহীন পৃথিৱীৰ কথা কল্পনা কৰাৰ বোধ জন্মা নাই ।পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগে লগে ঘৰুৱা ব্যৱহাৰ্য, উদ্যোগ -প্ৰতিষ্ঠান আদিত ব্যৱহাৰৰ বাবে দৈনিক ভূগৰ্ভৰ পৰা প্ৰচুৰ পৰিমাণে পানী তোলা হয়। কেন্দ্ৰীয় ভূগৰ্ভস্থ জল পৰিষদৰ মতে কোনো নীতি- নিয়ম নামানি নিজ সুবিধা অনুসৰি গভীৰ নলীনাদ বহুওৱা হৈছে। বহুতলীয়া অট্টালিকা – ফ্লেটত পানী যোগান দিবলৈ নিয়ন্ত্ৰণহীনভাৱে ভূগৰ্ভস্থ পানী তোলা হৈছে। ফলস্বৰূপে ভূগৰ্ভত থকা পানীৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে। পানীৰ পৰিমাণ কমি যোৱাতো গোটেই পৃথিৱীৰ কাৰণে চিন্তনীয় বিষয় হৈ পৰিছে। ৰাষ্ট্ৰসংঘই (United Nations) খোৱা, ধোৱা, খাদ্য প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ – পৰিচ্ছন্নতাৰ বাবে প্ৰতিজন ব্যক্তিৰ কাৰণে প্ৰতিদিনে কমেও ৫০ লিটাৰ পানী লাগে বুলি অনুমোদন কৰিছে। প্ৰতিজন মানুহৰ বাবে প্ৰয়োজনীয় এই পৰিমাণৰ পানী হ’ল প্ৰায় আঢ়ৈ বাল্টি । কিন্তু আমি এজনে এদিনত আঢ়ৈ বাল্টিৰ কিমান গুণ বেছি খৰচ কৰি আছোঁ বাৰু , তাক ভাবি চাবলৈ প্ৰয়োজন বোধ কৰা নাই।বিজ্ঞানীসকলে অধ্যয়নৰ জৰিয়তে এক ভয়ংকৰ সত্যৰ সন্ধান দিছে। তেওঁ লোকৰ মতে খুব কম সময়ৰ ভিতৰতেই পৃথিৱীৰ এক তৃতীয়াংশ জনসাধাৰণে পানীৰ অভাৱত ভুগিব লগা হ’ব। যিহেতু পৃথিৱীৰ প্ৰাকৃতিক সম্পদ বঢ়োৱাৰ কোনো সম্ভাৱনা নাথাকে সেয়ে এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ আৰু প্ৰধান উপায় হৈছে পানী ব্যৱহাৰৰ প্ৰতি মিতব্যয়ী হোৱাতো। আমি যেতিয়ালৈকে “পানীয়েই প্ৰাণ” বোলা কথাষাৰৰ মৰ্মাৰ্থ বুজি নাপাম আৰু ব্যক্তিগত ভাৱে সচেতন নহও তেতিয়ালৈকে পানী ব্যৱহাৰৰ প্ৰতি মিতব্যয়ী হ’বলৈ নিশিকোঁ । সেয়ে বিশ্ব জুৰি সৃষ্টি হোৱা পানীৰ সমস্যাৰ বিষয়ে জনসাধাৰণক সচেতন কৰি, পৰিমিত ব্যৱহাৰেৰে পানীৰ সংৰক্ষণ আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ ১৯৯২ চনত ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰিঅʼ মহানগৰত অনুষ্ঠিত অধিৱেশনৰ ২১ নং কাৰ্যসূচীৰ অধীনত “বিশ্ব জল দিৱস” পালনৰ এটা প্ৰস্তাৱ প্ৰথম বাৰলৈ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱ অনুসৰি প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখে এই দিৱস পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে পোন প্ৰথমবাৰৰ বাবে “বিশ্ব জল দিৱস” পালন কৰে।তেতিয়াৰ পৰাই প্ৰতি বছৰে বিবিধ কাৰ্যসূচীৰে এই দিৱস পালন কৰি অহা হৈছে। পানী সংৰক্ষণৰ বিষয়ে সকলোৰে মনোযোগ আকৰ্ষণ কৰাই হৈছে এই দিৱস উদযাপনৰ মূল উদ্দেশ্য। এই প্ৰাকৃতিক সম্পদ পানী ক্ৰমাৎ হ্ৰাস পাই অহা বিষয়ে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে ২০০৩ বছৰটো “আন্তঃৰাষ্ট্ৰীয় নিৰ্মল পানী বৰ্ষ “হিচাপে পালন কৰা হৈছিল। লগতে ২০০৫ –২০১৫ চনলৈকে এই দশকটো “জীৱনৰ কাৰণে পানী” — এই বিষয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ২০১৩ বছৰৰ বাবে “আন্তঃৰাষ্ট্ৰীয় জলসহযোগীতাৰ বৰ্ষ; ২০১৪ বছৰৰ বাবে “পানী আৰু শক্তি” ;২০১৫ বছৰৰ বাবে “পানী আৰু গ্ৰহণযোগ্য উন্নয়ন ” ; ২০১৮ বছৰৰ বাবে “পানীৰ বাবে প্ৰকৃতি” ;২০২১ বছৰৰ বাবে “পানীৰ মূল্য” ; ২০২২ বছৰৰ বাবে “পেলনীয়া পানীৰ ব্যৱস্থাপনা” এই বছৰটো ২০২৩ ৰ বিষয়বস্তু ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছে – “accelerating change “to solve the water and sanitation crisis হিচাপে। এই বছৰটো উদ্ যাপনৰ তাৎপৰ্য বিচাৰ কৰিলে দেখা যায় বিশ্বৰ উন্নয়নশীল দেশসমূহত যাতে পৰিষ্কাৰ পানী,অনাময় ব্যৱস্থা আৰু স্বাস্থ্য বিধি আদি বিশ্বজনীন ভাৱে সকলোৱে পাব পাৰে আৰু সেই বিষয়ে সকলোৰে মনোযোগ আকৰ্ষণ কৰাটোৱেই এই দিৱসৰ মূল উদ্দেশ্য।
* পানী ব্যৱহাৰত মিতব্যয়ী হৈ আহিবধৰা জলসংকট প্ৰতিৰোধৰ ব্যৱস্থা কৰা।
* প্ৰকৃতিৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। আমি উপাদানসমূহৰ অপচয় ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব।
* পানী সংৰক্ষণৰ বাবে ব্যৱহাৰত সতৰ্ক হোৱাৰ লগতে বনানিকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। গছ- গছনি ৰুই সেউজীয়া ধৰণী গঢ়িব পাৰিলেহে মহাকাশৰ পৰা নীলা দেখা পৃথিৱীখন পাম !