বঙাইগাঁওত অসম গ্ৰন্থমেলা আৰম্ভ

 বঙাইগাঁওত অসম গ্ৰন্থমেলা আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- “গ্ৰন্থ অবিহনে এখন সমাজ সভ্যতাৰ পোহৰেৰে উজলি উঠিব নোৱাৰে ৷ সভ্য সমাজৰ আধাৰ হৈছে গ্ৰন্থ য’ত সঞ্চিত হৈ থাকে জ্ঞান ৷ জ্ঞানৰ যোগেদিহে মানুহ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ’ব পাৰে ৷ সেয়েহে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব লাগে।শাৰীৰিক সু-স্বাস্থ্যৰ বাবে খােজ কঢ়া অভ্যাস যেনেকুৱা , মানসিক সু-স্বাস্থ্যৰ বাবে গ্ৰন্থ পঠন বা অধ্যয়নৰ অভ্যাসো তেনেকুৱাই ।এখন জ্ঞানসমৃদ্ধ,উজ্জীৱিত সমাজৰ বাবেই কিতাপ পঢ়াৰ প্ৰয়োজন। সংবেদনশীল সমাজৰ এখনৰ দায়িত্ব হ’ল নিজৰ কাষৰ সমাজখনৰ কথাও ভাবিব লাগে। নাগৰিক হিচাপে সেই দায়িত্ব সকলোৱে পালন কৰিব লাগিব। সকলো দায়িত্ব চৰকাৰৰ ওপৰতে এৰি দিব নালাগে। নাগৰিকৰ দায়িত্ব অবিহনে এখন সভ্য সমাজ গঢ়ি উঠিব নোৱাৰে।”— এই মন্তব্য শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ ৷অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত আয়োজিত অসম গ্ৰন্থমেলা, বঙাইগাঁও বন্তি প্ৰজ্বালনেৰে উদ্বোধন কৰি এইদৰে কয় তেওঁ ৷ ভাষণ প্ৰসংগত তেওঁ লগতে কয় —“ অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ লৈয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে গ্ৰন্থমেলা গুৱাহাটীতে আৱদ্ধ নাৰাখি অসমৰ বিভিন্ন অঞ্চললৈ সম্প্ৰসাৰিত কৰিব লাগিব। চৰকাৰৰ পৃষ্ঠপোষকতাত এনেকৈ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত কৰা এয়ে প্ৰথম।”গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক তিলোত্তমা মজুমদাৰে ৷ তেওঁ কয়—“ এই গ্ৰন্থমেলাত এনেদৰে অংশগ্ৰহণ কৰিবলৈ পাই সন্মানিত-সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। অসমৰ প্ৰান্তে প্ৰান্তে গ্ৰন্থমেলা আয়োজন কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইতিবাচক বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিছে ৷ এয়া যথাৰ্থতে বিৰল অথচ আশাব্যঞ্জক প্ৰচেষ্টা ৷ ইয়াৰ ফলত অসমত জ্ঞান চৰ্চাৰ সামাজিক প্ৰক্ৰিয়াই নতুন গতি লাভ কৰিব ৷” তেওঁ লগতে এইবুলি আহ্বান জনায়—“অসম-পশ্চিমবংগৰ সম্পৰ্ক অতি গভীৰ ৷দুয়োখন ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ সম্বন্ধ আৰু গভীৰ কৰাৰ চেষ্টা কৰিব লাগে ৷ আমাৰ সাহিত্যৰ অনুবাদ অধিক হ’ব লাগে।অনুবাদে মানুহৰ মাজত সম্বন্ধ অধিক গভীৰ কৰে।” সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে ভূপেনদা নক্ষত্ৰ আৰু চিৰদিনৰ বাবে নক্ষত্ৰ হৈ থাকিব। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে কয় যে সম্প্ৰতি গ্ৰন্থ প্ৰকাশৰ হাৰ বাঢ়িছে ৷ এয়া শুভ লক্ষণ ৷ ইয়াৰ সমান্তৰালভাৱে গ্ৰন্থৰ মান কেনেকৈ উন্নত কৰিব পৰা যায় সেই বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ বিষয় বস্তু যুক্তি আধাৰিত আৰু নতুনত্বৰে সমৃদ্ধ হ’লে গ্ৰন্থই মানুহৰ হৃদয়ত স্থান পোৱাৰ লগতে চিন্তা-চেতনা পুৰঠ আৰু পৰিপূৰ্ণ কৰে ৷ শিশুৰ পঠন অভ্যাস গঢ়ি তুলিব পৰা গ্ৰন্থ প্ৰকাশ কৰাটো অতীৱ প্ৰয়োজনীয় বুলি কয় ড° গোস্বামীয়ে ৷এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা ৷ চলিহাই ভাষণত এইবুলি কয়—“গ্ৰন্থৰ প্ৰয়োজন কোনো মাধ্যমে শেষ কৰিব নোৱাৰে ।গ্ৰন্থ আাৰু সাহিত্য এটা মুদ্ৰাৰ ইপিঠি ।সাহিত্য মানে সকলোকে কাষ চপাই অনাৰ এটা ফলপ্ৰসূ প্ৰক্ৰিয়া ৷” সৃষ্টিশীল সাহিত্যক উৎসাহিত কৰাৰ বাবে চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে লোৱা পদক্ষেপক আদৰণি জনাই চলিহাই পুনৰ কয়–“ প্ৰকাশন পৰিষদ বঁটা প্ৰৱৰ্তন কৰি তাৰ মূল্যও বৃদ্ধি কৰিছে। ইয়াৰ ফলত মান সম্পন্ন সাহিত্য সৃষ্টিৰ বাবে লেখকসকল উৎসাহিত হ’ব ৷ সাহিত্যৰ পৰা সাহিত্যলৈ , সমাজৰ পৰা সমাজলৈ সম্পৰ্ক বিস্তাৰিত কৰাৰ আহিলা হৈছে গ্ৰন্থ।” অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে ধৰি আন আন বিষয়ববীয়সকলে ৷ উল্লেখ্য যে অহা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, বঙাইগাঁও ৷গ্ৰন্থমেলাৰ প্ৰতিদিনে অনুষ্ঠিত হ’ব ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ তদুপৰি প্ৰতি সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ’ব আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৷