হে নাৰী তুমি জগত জননী – হাফিজ গিয়াছউদ্দিন আহমেদ

PC - Freepik

হে নাৰী তুমি জগত জননী

হাফিজ গিয়াছউদ্দিন আহমেদ, ধূলা, হিৰাপাৰা

নাৰী মাথোঁ দুটি বৰ্ণৰে গঠিত এটি শব্দ নহয়, নাৰী হৈছে সৃষ্টিৰ মূল আধাৰ। নাৰী অবিহনে সৃষ্টি অসম্ভব। নাৰী সকল সমাজ বা দেশৰ মেৰুদণ্ড স্বৰূপ। নাৰী অবিহনে সমাজ বা দেশৰ উন্নতি সাধন কৰা অসম্ভব। নাৰী আমাৰ জন্মদাত্রী, নাৰীয়ে আমাৰ জীৱনৰ শাসন কৰ্তা , নাৰীয়েই হল আমাৰ জীৱন। নাৰীয়ে বিভিন্ন ৰূপে পৰিচিত যেনে নাৰীয়েই মা, নাৰীয়েই ভনি , নাৰীয়েই জীবনসংগীনী। সকলো ধৰণৰ দুখ, কষ্ট, যন্ত্ৰণা, অন্যায়- অত্যাচাৰ সহিব পৰা জনেই নাৰী। মৰম, স্নেহ, দয়া, ত্যাগ, বলিদান আদি আধাৰৰ ওপৰতেই সমাজ এখনৰ ভাৰসাম্য নিৰ্ভৰ কৰে আৰু এই সকলো গুণ এগৰাকী নাৰীৰ মাজতেই একত্রিত হৈ থাকে। নাৰী অবিহনে মানৱ জীৱন অসাৰ আৰু সমাজো অসম্পূর্ণ, নাৰী জগতৰ জননী।ভাৰতীয় অৰ্থনীতিত নাৰীৰ অৱদানো অতুলনীয় কিয়নো পুৰুষ প্ৰধান ৰাষ্ট্ৰ ভাৰতত বিভিন্ন ধৰণৰ সমস্যা থকা সত্বেও নাৰী সকলে অৰ্থনৈতিক দিশত আগবাঢ়ি আহিবলৈ ধৰিছে। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাত নাৰী সকলে সমাজত চলি থকা বিভিন্ন ধৰণৰ কু- প্ৰথা, কু- সংস্কাৰ আঁতৰাই নাৰী সকলে নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। শিক্ষাই হৈছে দেশ বা সমাজৰ মেৰুদণ্ড। নাৰীয়ে ইচ্ছা কৰিলে সকলো কামেই সম্ভব সেই কাৰণেই ভাৰতীয় সমাজত নাৰীক দু্ৰ্গা, সৰস্বতী, পাৰ্বতী, লক্ষ্মী আদিৰ লগত তুলনা কৰা হয়। হে নাৰী তোমাৰ অপাৰ মহিমা, হে নাৰী তুমি অবিহনে এই জগত অন্ধকাৰ ।আজিৰ এই পবিত্র ক্ষণত নাৰী সমাজক শ্ৰদ্ধাৰে সুঁৱৰিছো।