সম্পৰ্ক
* কি ভাবি আছা? বৌয়েকে পুনৰ তাইক ক’লে লিখা মেলাবোৰ নকৰা হ’লা কিয়? video বোৰ বনাবা আকৌ! কোনোবাই লিখি থৈ গৈছে নহয়__
“যদি জীৱনৰ ৰং বোৰে লুকা ভাকু খেলে
যদি আশাৰ চাকিটি উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা
পিচলৈ ঘুৰি নাচাবা ।”
* ঠিকেই, পিছে কি কৰিব সদায় বিশ্বাসৰ বিনিময়ত বিশ্বাস ঘাটকতা পাইছোঁ। নাজানো কিয়
জীৱনৰ পৃষ্ঠা বোৰ যিমানেই ভালদৰে লিখিবলৈ
চেষ্টা কৰিছোঁ সিমানেই চোন আউল লাগিছে।
* সম্পৰ্ক কেতিয়াও শেষ নহয়, যিবোৰ শেষ হয় সেই বোৰ সম্পৰ্কই নহয় । কোনে কি চিন্তা কৰিছে নাজানো চিন্তা যদি গঠনমূলক হয়এদিন সকলো ঠিক হৈ যাব । ঈশ্বৰৰ নাম লৈ নিজৰ কাম কৰি যোৱা ।
* তাকেই, ঈশ্বৰে যেন সকলোৰে মনত সদভাৱ জগাই তোলে।
* আমিও ভাল টোকে কামনা কৰোঁ ।
বাৰু আজিলৈ থওঁ দিয়া ।
* ঠিক আছে বৌ ।
জুৰিয়ে ফোনটো থৈ নিজৰ কামত লাগিল। সম্পৰ্কীয় মানুহ বোৰৰ উৎসাহ আৰু প্ৰেৰণাই তাইক ধৈয্য ধৰিবলৈ শিকাইছে। কোনোবাই লিখিছে-“জীৱন পথত আছে ঘাট প্ৰতি ঘাট
নিশাৰ শেষত আছে প্ৰভাত।”
পংক্তি শাৰী সাৰোগত কৰি তাই প্ৰাৰ্থনা কৰিলে
” ইতনী শক্তি হমে দেনা দাতা
মন কা বিশ্বাস কমযোৰ হো না
হম চলে নেক ৰস্তে পে হমসে
ভুল কৰ ভী কই ভুল হো না।”
জ্যোতিস্মিতা গোস্বামী শৰ্মা