ৰঙৰ উৎসৱ হোলী আৰু হোলিকা দহন
শৈলেন কুমাৰ, মিৰ্জা
ফাগুন মাহৰ পূৰ্ণিমাত হিন্দুসকলে উদযাপন কৰা ৰঙৰ উৎসৱ হৈছে হোলী ৷ হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহু পৌৰাণিক আখ্যান জড়িত হৈ আছে ৷ তাৰ এক আখ্যান অনুসৰি হিৰণ্যকশিপুৰৰ পুত্ৰ ভক্ত প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল ৷ প্ৰহ্লাদ শ্ৰীবিষ্ণুৰ ভক্ত আছিল যিটো হিৰণ্যকশিপুৰে সহ্য কৰিব পৰা নাছিল,যাৰবাবে ভক্ত প্ৰহ্লাদক মাৰিবলৈ নানাধৰণৰ যতন কৰিছিল ৷ কিন্তু প্ৰহ্লাদক মাৰিবলৈ সক্ষম হৱ পৰা নাছিল অৱশেষত হিৰণ্যকশিপুৰে নিজৰ ভগ্নী হোলিকাক প্ৰহ্লাদক মাৰিবলৈ নিৰ্দেশ দিয়ে ৷ নিৰ্দেশ পাই চতুৰ হোলিকাই নিজৰ শৰীৰৰ জুইৰে ভক্ত প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজে নিঃশেষ হয় ৷ চতুৰ হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজি ভক্ত প্ৰহ্লাদৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰে,আৰু ভক্ত প্ৰহ্লাদৰৰ দয়া উপজাত প্ৰহ্লাদে হোলিকাক বৰ দিলে যে মৃত্যুৰ পিছত এদিন মানুহে হোলিকাক স্মৰণ কৰিব ৷ এই হোলিকাৰ পৰা হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি ৷ সেইবাবে হোলীৰ আগদিনা বিভিন্ন ঠাইত অপশক্তি হোলিকা দাহ কৰা হয় ৷ হোলীৰ বাস্তৱিক অৰ্থ হৈছে অপশক্তি,অসত্যৰ ওপৰত সত্যৰ বিজয় ৷ আমাৰ প্ৰত্যেক জনৰ ভিতৰত হিৰণ্যকশিপুৰৰ অহংকাৰ,হোলিকাৰ চতুৰতাৰ লগতে ভক্ত প্ৰহ্লাদৰ নিৰ্মলতা, নিৰ্দোষীতা আৰু সত্যভক্তি সোমাই আছে,হোলী পৰ্ব হৈছে অহংকাৰ,চতুৰতা,অসত্যৰ বিৰোধ কৰি কেৱল সত্য আৰু ভক্তিৰ পথত চলিবলৈ ধ্যান কৰা ৷ কিন্তু তাৰ বিপৰীতে আমি হোলীৰ প্ৰকৃত অৰ্থ নুবুজি কেৱল উৎসৱক উপদ্ৰৱত পৰিণত কৰিছোঁ ৷ বাহিৰ জগতৰ জাকজমকীয়া ৰঙৰ প্ৰভাৱত পৰি আন্তৰিক ৰঙৰ কথা পাহৰি পেলাইছোঁ ৷ হোলী খেলক কিন্তু সত্যবোধক স্মৰণ কৰি অপশক্তিৰ ওচৰত আত্মসমৰ্পণ নকৰি। আজিকালি পৰিলক্ষিত হয় হোলীৰ নামত কমলা দলিয়াই ৰেইন ডেঞ্চ কৰা দৃশ্য,সুৰাৰ ৰাগীত মতলীয়া হৈ কিছুসংখ্যক মানৱৰূপী দানৱে ঘৰৰ মহিলা,ছোৱালী আৰু বোৱাৰীবৰক ৰঙ লগোৱাৰ চলেৰে অনাকাংক্ষিত ভাৱে হাত লগোৱা দৃশ্য ৷ এইবোৰ অপসংস্কৃতি আহিল ক’ৰ পৰা? হোলী হ’ল অপশক্তিক নাশ কৰা উৎসৱ,অপসংস্কৃতিক প্ৰশ্ৰয় দিয়া উৎসৱ হোলী কেতিয়াও নহয় ৷
