খেলো হোলী ৰঙতে ৰাঙলী হৈ-  যমুনা দুলু বৈশ্য

Pc Mint
খেলো হোলী ৰঙতে ৰাঙলী হৈ
ৰঙ বোৰ উৰিছে
পলাশৰ ডালে ডালে
এইয়া  বসন্তৰ বেলা
 স্নিগ্ধ  জোনাক ৰাতি
বাউলী ৰাধাই বিচাৰি ফুৰে
কদমৰ তলে তলে কানাইক ।
প্ৰাণৰ হোলী আহিছে
ৰঙতে ৰাঙলী হৈ
মনৰ কলীয়া ডাৱৰ বোৰ যাব গুচি
প্ৰেমৰ আবিৰ  সানিব অঙ্গে অঙ্গে
পলাশ মদাৰ  শিমলুৰ ৰঙে
ফাগুন ফাগুন বুলি
ৰঙেৰে উপচাই ৰং চটিয়াব  ।
ভৰা পূৰ্ণিমাৰ জোনাকৰ পোহৰত
আনন্দমনে গোপ-গোপীৰ সঙ্গে
ফল্গোৎসৱৰ ভক্তি ৰসত প্ৰীতিৰ
এনাজৰীৰে  কৃপাময় কানাইৰ দৰ্শন পাব
 ভকত বৈষ্ণৱৰ হৃদয়ে হৃদয়ে
হৰিনামৰ ধ্বনিত উজ্জ্বলি উঠিব
শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা  ।
             যমুনা দুলু বৈশ্য
                শুৱালকুছি