৪ মাৰ্চৰ পৰা এল.পি.জি. ত অনিৰ্দ্দিষ্টকালীন ধর্মঘট স্থগিত

Pc Eastmojo Assam

৪ মাৰ্চৰ পৰা এল.পি.জি. ত অনিৰ্দ্দিষ্টকালীন ধর্মঘট স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৪ মার্চ ২০২৩ ৰ পৰা ৰাজ্যজুৰি এল.পি.জি. পৰিবহণ শ্রমিকৰ ধৰ্মঘট অসম পেট্রোলিয়াম মজদুৰ ইউনিয়নে অহা ২৫ মার্চ ২০২৩ লৈকে স্থগিত বুলি ঘোষণা কৰে। ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসে জনায় যে ইউনিয়নৰ ধৰ্মঘটৰ জাননীৰ ওপৰত ভিত্তি কৰি যোৱা ০২-০৩-২০২৩ তাৰিখে নৰ্থ গুৱাহাটী বটলিং প্লেন্টত ভাৰতীয় তেল নিগমৰ চীফ জেনাৰেল মেনেজাৰৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত নিগমৰ উচ্চস্তৰীয় অফিচাৰ, এল.পি.জি. পেকড ঠিকাদাৰ সন্থা আৰু ইউনিয়নৰ মাজত দাবী সন্দৰ্ভত বিতং আলোচনা হয়, সকলো পক্ষই ইউনিয়নৰ দাবী ন্যার্য দাবী বুলি মানি লয়। এই দাবী পূৰণৰ ক্ষেত্ৰত ভাৰতীয় তেল নিগমৰ দ্বাৰা অহা ২০ মাৰ্চৰ পিছতে সকলো পক্ষক মাতি এখন সভা অনুষ্ঠিত হব আৰু উক্ত সভাত শ্ৰমিকৰ দাবীৰ প্ৰতি শ্ৰদ্ধা জনাই উপযুক্ত মীমাংসা কৰা হব। বহু আলোচনা-বিলোচনাৰ অন্তত সকলো পক্ষই উক্ত প্রস্তাবিত অনুমোদন জনায় আৰু ধৰ্মঘট ২৫ মাৰ্চলৈকে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৪ মাৰ্চৰ পৰা সকলো এল.পি.জি. পৰিবহন শ্রমিকক কাম সুচাৰু ৰূপত কৰাৰ কাৰণে আহ্বান জনোৱা হ’ল।