ৰাজ্যত একেদিনাই তিনিজন ঘোচখোৰ কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি মানি অহা ৰাজ্য চৰকাৰে একেদিনাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰিলে তিনিজনকৈ ঘোচখোৰ কৰ্মচাৰীক। কলিয়াবৰ, গুৱাহাটীৰ খানাপাৰা আৰু গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এই কৰ্মচাৰী কেইজন। কলিয়াবৰত ৰাজহ চক্ৰৰ লাট মণ্ডল প্ৰাঞ্জল বৰাই মাটি কিনা-বেচাৰ অনুমতিৰ নামত বিচাৰিছিল ৩ হাজাৰ টকা। দুহেজাৰ টকা আগধন লওঁতেই ধৰা পৰে প্ৰাঞ্জল বৰা। নিজ বৰভগীয়াৰ লাট মণ্ডলগৰাকীক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে আন এগৰাকী চৰকাৰী কৰ্মচাৰী জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাসো আৰক্ষীৰ জালত পৰে। গুৱাহাটীৰ খানাপাৰাৰ সমবায় ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে দাসক। দাসে পেঞ্চনৰ কামৰ বাবদ লৈছিল উৎকোচ। কিন্তু উৎকোচ লৈ থকা অৱস্থাত হাতে–লোটে গ্ৰেপ্তাৰ কৰে তেওঁক। আন কৰ্মচাৰী গোৱালপাৰাৰ শিক্ষা বিষয়া। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা শিক্ষা বিষয়াগৰাকী বজৰুল বাছিত সৰকাৰ। মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক কোষে ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে তেওঁক।
