বন্দনা কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

বন্দনা কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- ডাবল মাৰ্ডাৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত ধনটি ডেকা আৰু অৰূপ ডেকাক আজি নুনমাটি থানাৰ পৰা চি জে এম ক’ৰ্টত হাজিৰ কৰোৱাৰ লগতে বন্দনা কলিতাক পাণবজাৰ মহিলা থানাৰ পৰা আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীৰ জিম্মাৰ ৪ দিনৰ ম্যাদ উকলি যোৱাৰ পিছত আজি তিনি হত্যাকাৰীক আদালতত হাজিৰ কৰোৱা হয় । আদালতে বন্দনা কলিতাক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ নকৰিলে। তেওঁক দিয়া হয় ন্যায়িক জিম্মা। ইয়াৰ বিপৰীতে দুই অভিযুক্ত অৰূপ আৰু ধনটিক পুনৰ দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷