ৰোমন্থন-প্ৰিয় বিদ্যালয়খনৰ বিদায় সভাবোৰ- ফখৰুদ্দিন আহমেদ

Pc Educase.io

ৰোমন্থন-প্ৰিয় বিদ্যালয়খনৰ বিদায় সভাবোৰ

ফখৰুদ্দিন আহমেদ

জীৱনৰ দুকুৰি এঘাৰটা বৰ্ষত চলমান অৱস্থাত সম্প্ৰতি বহু কাৰণতে পিছলৈ পুনৰ এবাৰ ঘুৰি চাবলৈ এক প্ৰকাৰ বাধ্য হৈছোঁ। ১৯৮২ খ্ৰীষ্টাব্দত দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ ২০০৩ খ্ৰীষ্টাব্দত শতবৰ্ষ গৰকা সানোৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভৰ বাবে তদানীন্তন অপ্ৰাদেশীকৃত সানোৱা এম্ ই মাদ্ৰাছাত নামভৰ্তি কৰাৰে পৰা চলিত ২০২৩ খ্ৰীষ্টাব্দলৈ প্ৰায় ৪১ টা বছৰ অতিক্ৰম কৰিলোঁ। ইয়াৰ ভিতৰৰ প্ৰায় পাছ টা বছৰৰ বাহিৰত থকাৰ বিপৰীতে আন ৩৫ টা বছৰ প্ৰথমে ছাত্ৰ আৰু পিছলৈ শিক্ষক হিচাপে অতিবাহিত কৰি আছোঁ। বিভিন্ন বিচিত্ৰ অভিজ্ঞতাই এই সময়ছোৱাত মোৰ জীৱনটোক সজাই তুলি সঙগ্ৰাম কৰি কৰি জীৱনৰ চাকনৈয়াত তিষ্টি থাকিবলৈ শিকাইছে। জীৱনটোক বাৰে বাৰে জুখিবলৈ অনুপ্ৰেৰণা যোগাইছে। এই সকলোবোৰৰ অন্যতম উৎস হৈছে পিছলৈ ক্ৰমে সানোৱা হাই মাদ্ৰাছা, সানোৱা হাই স্কুল, সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শেহান্তৰত সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাৰ মুহূৰ্ত্তৰ পৰা বৰ্তমানলৈকে শিক্ষকতা কৰি থকা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল। এই পৃথিৱীত কোনো বস্তুৱেই যিহেতু স্থায়ী নহয়্ তাৰ উপলক্ষকেই সৰোগত কৰি আমাৰ বিদ্যালয় খনৰ পৰাও বিভিন্ন সময়ত বিভিন্ন জন শ্ৰদ্ধাৰ শিক্ষাগুৰুই ইতিমধ্যে বিদায় লৈ নিজৰ ঘৰখনলৈ উভতি গৈছে। ইয়াৰ উপৰিও প্ৰতিস্থাপক শিক্ষাগুৰু কমৰুদ্দিন আহমেদ আৰু প্ৰাক্তন ছাত্ৰ তথা শিক্ষক মাইনুদ্দিন আহমেদে অকালতে মৃত্যুক সাৱটি লৈ অমৰ ধামলৈ প্ৰত্যাবৰ্তন কৰিছে।

২০১০ খ্ৰীষ্টাব্দৰ ৩১আগষ্ট তাৰিখে সানোৱা হাই মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক অধীক্ষক শ্ৰদ্ধাৰ ইমৰাণ আলিৰ অৱসৰেৰে আৰম্ভ হোৱা শিক্ষাগুৰু সকলৰ বিদায় সভাবোৰত বিগত প্ৰায় বাৰটা বছৰত যোগ হৈছে শ্ৰদ্ধাৰ মৌলানা বাহাৰুদ্দিন আহমেদ, পবিত্ৰ ৰাম নাথ, মৌলানা আজমল হুছেইন কাছিমী, চামছুল হক, ফাইজুৰ ৰহমান, খাইৰুল হুছেইন, চামছুল হক, ইছলামুদ্দিন আহমেদ, হামিদ আলি আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ইব্ৰাহিম আলি আদিৰ নাম ।

এইখিনিতে ১৯৭৭ খ্ৰীষ্টাব্দত সানোৱা এম্ ই মাদ্ৰাছা প্ৰতিষ্ঠাপণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগত সহযোগিতা কৰি নব্য প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান খনিৰ প্ৰধান শিক্ষকৰ দায়িত্ব লোৱা শ্ৰদ্ধাৰ নুৰুল ইছলামৰ অৱদান বিদ্যালয় খনিৰ উন্নয়নৰ ক্ষেত্ৰত তুলনাবিহীন। যদিও পিছলৈ চৰকাৰী চাকৰি লাভ কৰি তেখেত গুছি গৈছিল।এই গৰাকী বৰেণ্য ব্যক্তিয়েও ইতিমধ্যে ইহধাম ত্যাগ কৰিছে।বিদ্যালয় খনিৰ পৰা অৱসৰ লাভ কৰি বিদায় দোৱা শিক্ষাগুৰু সকলৰ প্ৰায় ভাগেই সাম্প্ৰতিক সময়ত স্থানীয় সমাজ আৰু নিজৰ পৰিয়ালবৰ্গৰ সৈতে সময় অতিবাহিত কৰি আছে যদিও দুই এগৰাকীৰ ব্যতিক্ৰমধৰ্মীতাও আমি প্ৰত্যক্ষ কৰি আহিছোঁ। সেই সকলৰ ভিতৰত শ্ৰদ্ধাৰ মৌলানা আজমল হুছেইন কাছিমী আৰু শ্ৰদ্ধাৰ খাইৰুল হুছেইনৰ নাম ল’ব লাগিব। এছিয়া মহাদেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ইছলামিক শিক্ষাৰ বিশ্ববিদ্যালয়, ভাৰতৰ উত্তৰ প্ৰদেশৰ দেউবন্দ চহৰত অৱস্থিত “দাৰুল উলুম দেউবন্দ” ৰ পৰা শৈক্ষিক অৰ্হতা সম্পন্ন মৌলানা আজমল হুছেইন কাছিমী এগৰাকী সুবক্তা। তেখেতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন সভাত বক্তব্য প্ৰদান কৰিবলৈ আমন্ত্ৰিত হয়। সভাৰ চিঠিবোৰত তেখেতৰ নামৰ পিছত লিখা থাকে “অৱসৰপ্ৰাপ্ত শিক্ষক, সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়”। ইফালে শ্ৰদ্ধাৰ খাইৰুল হুছেইন লেখক, সাহিত্যিক আৰু সুবক্তা। তেখেতৰ দ্বাৰা প্ৰণীত গ্ৰন্থ সম্প্ৰীতিৰ সেতু, নৱী কাহিনী, ৰক্তাক্ত পেলেষ্টাইনৰ লগতে বহু স্মৃতিগ্ৰন্থৰ সম্পাদক আৰু বিভিন্ন কাকতে পত্ৰই প্ৰায় দুই শতাধিক প্ৰৱন্ধ প্ৰকাশ পাইছে। শ্ৰদ্ধাৰ হুছেইন চাৰৰ সমগ্ৰ অসমতে এগৰাকী সুবক্তা হিচাপে পৰিচিতি আছে। বাকী সকল শিক্ষাগুৰুও নিশ্চয়কৈ স্থানীয় ভাবে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ আছে। বাকী চৰকাৰী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি ব্যক্ত কৰিব বিচাৰোঁ যে অৱসৰ প্ৰাপ্ত শিক্ষক সকলৰ বেছি ভাগেই তুলনামুলক ভাৱে সামাজিক কাম কাজত বিশেষ ভাৱে মনোনিবেশ কৰি অৱসৰী জীৱন অতিবাহিত কৰা দেখা যায়। এই ক্ষেত্ৰত উদাহৰণ হিচাবে সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষাগুৰু সকলক ল’ব পৰা যায়।

এখন সমাজ গঢ়াৰ প্ৰচেষ্টাত ফলপ্ৰসূ দিশত নিৰ্দিষ্ট গতিত আগবাঢ়িবলৈ সমৰ্থ হোৱা শিক্ষক সমাজ সেয়ে সামাজিক জীৱনত শ্ৰদ্ধাৰ আকৰ হ’বলৈ কৃতকাৰ্য হোৱা পৰিলক্ষিত হয়।এই ক্ষেত্ৰত অৱসৰৰ পিছত বিদ্যালয় খনিত সৃষ্টি হোৱা শূণ্যতাবোধ পিছৰ প্ৰজন্মই বাৰুকৈয়ে ভোগ কৰিব লগা হয়। কাৰণ স্বৰূপে চৰকাৰে বিভাগীয় ভাবে প্ৰবৰ্তন কৰা নিয়োগ নীতিৰ নেতিবাচক দিশৰ কৰা উল্লেখ কৰিব পাৰি।

২০১০ খ্ৰীষ্টাব্দৰ ৩১ আগষ্ট তাৰিখে বিদ্যালয় খনিৰ দ্বিতীয় গৰাকী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ নুৰুল হক চাৰৰো কাৰ্যকাল চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হ’ব। ১৯৮৬ খ্ৰীষ্টাব্দত অপ্ৰাদেশীকৃত বিদ্যালয় খনিত এগৰাকী বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰাৰ প্ৰায় ১৫ বছৰ পিছত অধীক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি তেখেতে প্ৰায় ১২ বছৰকাল কাৰ্যনিৰ্বাহ কৰিলে। সামগ্ৰিক ভাৱে শিক্ষায়তনিক দিশত তেখেতৰ সফলতাৰ হাৰ ঈৰ্ষনীয় বুলি উল্লেখ কৰিব পাৰি। বিগত ২০০২ আৰু ২০০৩ খ্ৰীষ্টাব্দত অসম হাই মাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰত এই বিদ্যালয়ৰ পৰা ক্ৰমে আব্দুল চালামে প্ৰথম স্থান আৰু মিন্টু জামানে দ্বিতীয় স্থান লাভ কৰি বৃহত্তৰ সানোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল। তাৰ পিছত নুৰুল হক চাৰৰ দিনত অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰ প্ৰায় বোৰ বছৰতে এশ শতাংশ ফলাফল প্ৰদৰ্শন কৰিবলৈ ছাত্ৰ ছাত্ৰী সকল সমৰ্থ হোৱাৰ তথ্য আছে। যাৰ ফলশ্ৰুতিত বিগত ২০১৯ খ্ৰীষ্টাব্দত অসম সাই মাদ্ৰাছা পৰীক্ষাত একেৰাহে পাঁচবাৰকৈ এশ শতাংশ ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা এক লাখ টকা সহ পুৰষ্কৃত হ’বলৈ সক্ষম হৈছে। এয়াও বিদ্যালয় খনিৰ বাবে এক অনুকৰীয় আৰু অনন্য ইতিহাস হৈ থাকিব।

বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰু সকলৰ নিৰ্দিষ্ট একো একোটি বিষয়ত পাৰদৰ্শিতা থকাৰ দৰে শ্ৰদ্ধাৰ নুৰুল হক চাৰৰো বিশেষ পাৰদৰ্শিতা আছিল গণিতৰ বিষয়ত। বৃহত্তৰ সানোৱা অঞ্চলৰ গণিত বিষয়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰয়াত কামাৰুন জাহান, প্ৰয়াত মাইনুদ্দিন আহমেদ আদিৰ সৃষ্টিৰ আৰৰ শিক্ষক জন নুৰুল হক চাৰেই আছিল। বিভিন্ন কাৰণত বিদায় সভা অনুষ্ঠিত হ’লেও বেছি বেদনাদায়ক বিদায় সভা বোৰ হৈছে বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ বিদায় সভা বোৰ।

বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো বস্তুৱেই যিহেতু স্থায়ী নহয় সেই একে ধৰণেই মানুহৰ কৰ্মক্ষেত্ৰতো কোনো স্থায়ী নহয়। কিন্তু স্থায়ী হয় সক্ষম আৰু চৰকাৰী নীতি নিয়মৰ দায়িত্ব পালনেৰে পূৰ্বজ সকলে থৈ যোৱা নজিৰবোৰহে। যাৰ অনুসৰণ আৰু অনুকৰণত পৰৱৰ্তী প্ৰজন্মই ব্যক্তিগত আৰু সামাজিক জীৱনত সফলতাৰে আগুৱাই যাবলৈ সুপথৰ সন্ধান লাভ কৰে। এই আপাহতে আমাৰ তৰফৰ পৰা সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুৰে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।