ফাগুনৰ আগমন
মৃদুলা বৰুৱা
কুঁৱলীৰ আৱৰণ ফালি
বেলিটিয়ে কোমল ৰহন সানিছে,
গোটেই আকাশ ভৰি পৰিছে
ধূলিৰ ফাকুৰে,
উদং পথাৰো ধূসৰিত হৈছে
শুকান ধূলিৰে,
লঠঙা গছবোৰত
পলাশ, মদাৰ,শিমলুৱে
তেজৰঙে আঁকিছে নতুন ছবি।
মোৰ খিৰিকীৰে সোমাই আহিছে
এজাক দুষ্ট বতাহ,
সেই বতাহত ভাঁহি আহিছে
এটি চঞ্চল সুঁহুৰি,
হৃদয়ত কঁপনি তুলি
চুই গৈছে মোৰ উনমনা মনক,
অঘৰী হৈ পৰিছে
মোৰ বিপন্ন উশাহজাক,
সৰা পাতবোৰে কাণে কাণে কৈ গৈছে
এই বাটেৰে হেনো ফাগুন আহে।