ধিঙৰ টুকটুকিৰ সাংবাদিক আদিলুৰ ইছলামৰ পিতৃৰ মৃত্যুত শোকৰ ছাঁ
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিং থানাৰ এলেকাধীন কটহগুৰী নিবাসী তথা খেতিয়ক আমিৰ হুছেইনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। জানিব পৰা মতে, আমিৰ হুছেইন দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল যদিও নিশা ১২.৩০ মান বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।হুছেইন সমাজৰ বিভিন্ন ধৰ্মীয় অনুষ্টান,শিক্ষা অনুষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও বিভিন্ন সামাজিক কামত সধায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল লগতে অঞ্চলটোৰ এগৰাকী সূদক্ষ মীন পালক আছিল। দিনৰ ১ বজাত কটহগুৰী জামে মছজিদৰ সন্মুখত ক্কাৰী ৰিয়াজ উদ্দিনৰ ইমামতিত্বত তেওঁৰ জানাযাৰ নামাজ সম্পন্ন কৰা হয়। হুছেইনে মৃত্যুৰ সময়ত তিনি গৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে বহুতো গুণমুগ্ধক এই ইহ সংহাৰত এৰি থৈ যায়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।তেওৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।