১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হ’ব অৰুন্ধতী স্বৰ্ণ আঁচনিখন

Pc Shutterstock

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হ’ব অৰুন্ধতী স্বৰ্ণ আঁচনিখন

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা মহিলা সবলীকৰণৰ বাবে অৰুন্ধতী স্বৰ্ণ আঁচনিখন আগন্তুক ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী নহ’ব ৷ ২৭ ফেব্ৰুৱাৰীত চৰকাৰী এক অধিসূচনা জৰিয়তে এই আঁচনিখন বন্ধ ঘোষণা কৰে।এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়াইছিল। ২০২০ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আঁচনিখনৰ শুভাৰম্ভ কৰিছিল। অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰিছিল ৷