অসমীয়া সাহিত্যত এবছাৰ্ড নাটক
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
গতিশীল সময়ৰ বুকুত যুগ জটিলতাৰ পৰা জটিলতালৈ আহে। যুগৰ পৰিবৰ্তনৰ লগতে মানুহৰ মনঃস্তত্ত্বতো প্ৰভাৱ পৰিল লগতে মানুহৰ জীৱনবোধৰো পৰিবৰ্তন হৈছে ।মানুহৰ জীৱনৰ অন্তঃসাৰশূন্যতা,বিশ্বাসহীনতা,নিসংগতাই মানুহৰ জীৱনত অতিকৈ প্ৰভাৱ পেলাইছে। সময় পৰিবৰ্তনৰ লগে লগে মানুহৰ মনৰো পৰিবৰ্তন হৈছে ৷যান্ত্ৰিকতাৰ যুগত মানুহৰ মনবোৰো যান্ত্ৰিকহৈ পৰিছে। মানুহে মানুহৰ মাজত থাকিও একক আৰু নিসংগ হৈ পৰিছে। কোনেও কাৰো লগত যোগসূত্ৰ নোহোৱা অৱস্থাটো দাঙি ধৰা নাটকসমূহেই এবছাৰ্ড নাটক। এবছাৰ্ড নাটকত এটা নিটোল কাহিনী দেখা পোৱা নাযায় ।এবছাৰ্ড নাটকৰ নাট্যকাৰে বিশ্বাস কৰে যিখন সমাজত ,যিখন জগতত চৰিত্ৰসমূহে বাস কৰে সেই জগতখনৰেই কোনো অৰ্থ নাই। এবছাৰ্ড নাটকৰ কাহিনী সুশৃংখলিত নহয়। এবছাৰ্ড নাটকৰ নীৰৱতা ব্যৱহাৰো এটা মন কৰিবলগীয়া কথা।অসমীয়া সাহিত্যৰ বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ নাটক“ আহাৰ“ এখন এবছাৰ্ড নাটক ।নাটকখনত চাৰিজন যুৱক আৰু এগৰাকী নাৰীৰ মৃতদেহক কেন্দ্ৰ কৰি উপস্থাপন কৰা হৈছে ।নাটকখনত ধাৰাবাহিকতা দেখা পোৱা নাযায়। নাটকখনত চাৰিজন পুৰুষ চৰিত্ৰ ক্ৰমে কমল,নলিনী,ধীৰেন,নবীন প্ৰত্যেকেই নিজৰ আন্তৰিক সময়ত বাস কৰি আছে ।সেইবাবেই এগৰাকী নাৰীয়ে প্ৰত্যেকৰে মনত ভিন ভিন ৰূপত ধৰা দিছেহি। কমলৰ বাবে প্ৰেয়সী নীলিমা,নলিনীৰ বাবে পত্নী অনিমা,ধীৰেণৰ বাবে মাক আৰু নবীনৰ বাবে গণিকা হীৰা। জনসমাগমত থাকিও মানুহবোৰ নিসংগ আৰু একক ।কোনেও কাৰো লগতে যোগাসূত্ৰ নোহোৱা অৱস্থা এটাই ধৰা দিছে। প্ৰত্যেকেই নিজৰ মনৰ মাজতেই ভ্ৰমি আছে। নাটকখনটো সেইবাবে মৃতদেহটোক কেন্দ্ৰ কৰি ঘূৰি আছে যদিও প্ৰত্যেকে বেলেগ বেলেগ ৰূপতহে দেখা পাইছে। এবছাৰ্ড নাটকত একোটা নিটোল কাহিনীৰ অভাৱ দেখিবলৈ পোৱা যায় ৷ মানুহে বাস কৰা জগতখন অসাৰ ।মানুহ জীৱনৰ প্ৰকাশভংগীও সুগঠিত নহয় আৰু সুশৃংখলিত নহয়। এবছাৰ্ড নাটকত বিস্ময় আৰু উৎকণ্ঠাৰ সৃষ্টি কৰা হয় যদিও তাৰ কোনো অৰ্থপূৰ্ণ পৰিসমাপ্তি দেখিবলৈ পোৱা নাযায় ৷এবছাৰ্ড নাটকৰ মূল উদ্দেশ্য হ’ল মানৱ জীৱনৰ অসাৰতা দাঙি ধৰা ।এবছাৰ্ড নাটকত হাস্যৰস থাকিলেও এক শ্বাসৰুদ্ধ আতংকও সৃষ্টি হয় ।এবছাৰ্ড নাটকত নিঃসংগতা,বিছিন্নতাবোধ৷অসাৰতাৰ আভাস পোৱা যায়। অৰুণ শৰ্মাৰ “আহাৰ“ নাটকখন এখন সাৰ্থক এবছাৰ্ড নাটক।