আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম ‘চিন্তন শিবিৰ’ৰ শুভ উদ্বোধন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে

আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম ‘চিন্তন শিবিৰ’ৰ শুভ উদ্বোধন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম ‘চিন্তন শিবিৰ’  কেন্দ্ৰীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে কাজিৰঙাত শুভ উদ্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়ুষ খণ্ডৰ প্ৰবল সুযোগ- সম্ভাৱনাৰ সন্দৰ্ভত আলোকপাত কৰে আৰু যুৱ গৱেষক তথা বিজ্ঞানীসকলক প্রমাণ আধাৰিত বৈজ্ঞানিক গৱেষণাৰ সন্দৰ্ভত কাম কৰিবলৈ আৰু স্থানীয় ভাষাত আয়ুষ ঔষধ প্ৰণালীৰ লাভালাভ তথা গৱেষণা ব্যাখ্যা কৰিবলৈ আহ্বান জনায় যাতে আয়ুষ খণ্ডৰ সুফল বৃহত্তৰ জনসাধাৰণৰ ওচৰলৈ যায়। সৰ্বানন্দ সোণোৱালে লগতে কয়, “ভাৰতৰ স্বাস্থ্য আৰু চিকিৎসা খণ্ডত আয়ুষ প্ৰণালীৰ গুৰুত্ব অনস্বীকাৰ্য। এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ দৃষ্টিভংগী এতিয়া আয়ুষৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। মাননীয় প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্রণালী বিশ্বব্যাপী জনপ্ৰিয় আৰু গ্ৰহণযোগ্য হ’বলৈ ধৰিছে।” আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই, সচিব বৈদ্য ৰাজেশ কোটেচা, বিশেষ সচিব প্রমোদ কুমাৰ পাঠক প্ৰমুখ্যে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপৰি নিৰ্দিষ্ট বক্তা, বিশেষজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলে এই চিন্তন শিবিৰত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভায়ে অনুষ্ঠানত “আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি” শীৰ্ষক প্ৰথম সন্মিলনত অংশগ্ৰহণ কৰি কয়, “এতিয়া বিশ্বই ভাৰতৰ আয়ুষ খণ্ডৰ শক্তি-সম্ভাৱনা উপলব্ধি কৰিছে। ডিজিটেল স্বাস্থ্য, আয়ুষ গ্রিড, প্রযুক্তিগত অগ্ৰগতিৰ সহায়ত আয়ুষৰ শক্তি প্ৰাথমিক স্বাস্থ্যসেৱাৰ পৰা বিশেষ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰয়োগ কৰি মানৱ জীৱনৰ হিত সাধন কৰিব পাৰি। আয়ুষ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে আজি সৰ্বানন্দ সোণোৱাল আৰু ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভায়ে নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ঈশ্বৰ ভি বাসাৱৰদ্দীৰদ্বাৰা পৰিচালিত যোগ-ব্ৰেক কাৰ্যসূচীতো অংশগ্রহণ কৰে। প্ৰথম দিনটোত “আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি”, “আয়ুষ গৱেষণাৰ ভৱিষ্যতৰ ৰণনীতি, প্ৰত্যাহ্বান আৰু আগবাঢ়ি যোৱাৰ পথ” আৰু “আয়ুষ শিক্ষাৰ ভৱিষ্যতৰ পদক্ষেপ, ক্ষমতা নির্মাণ, নিযুক্তি সৃষ্টি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি” শীর্ষক আলোচনা চক্র অনুষ্ঠিত হয়।  দ্বিতীয় দিনটোত “আয়ুষ ঔষধ উদ্যোগ, সেৱা আৰু আয়ুষ সামগ্ৰীৰ মানকৰণত সাম্প্ৰতিক প্ৰত্যাহ্বান আৰু আগবাঢ়ি যোৱাৰ পথাৰ সন্দৰ্ভত অধিৱেশন অনুষ্ঠিত হ’ব। পঞ্চম আলোচনা চক্ৰ “আয়ুষৰ সৈতে সম্পর্কিত জনস্বাস্থ্য, প্রত্যাহ্বান আৰু আগবাঢ়ি যোৱাৰ পথ”ৰ সন্দৰ্ভত অনুষ্ঠিত হ’ব আৰু যাৱতীয় ৰ’ডমেপ সহিতে প্রতিবেদন উপস্থাপনৰ সৈতে সমাপ্ত হ’ব। উল্লেখযোগ্য যে, আয়ুষ প্রতিষ্ঠানসমূহৰ উন্নীতকৰণ আৰু প্রযুক্তিগত উন্নতিৰ সৈতে একত্ৰিকৰণৰ বাবে যাৱতীয় ৰ’ডমেপ প্রস্তুত আৰু আয়ুষক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে একত্রিত কৰাৰ উপায় চিনাক্ত কৰাৰ উপৰি আয়ুষৰ বৰ্তমানৰ সেৱাসমূহ চিনাক্ত কৰি মান অধিক উন্নত কৰাৰ লক্ষ্যৰে এই দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন কৰা হৈছে।