ফাগুনৰে এটি উজাগৰী ৰাতি – মুন শৰ্মা

 ফাগুনৰে এটি উজাগৰী ৰাতি

মুন শৰ্মা, লখিমপুৰ

অজলা অবলা ফাগুনৰে এটি বিখ্যাত
উৰে নিশা মই উজাগৰে থাকি,
তেজ ৰঙা ফাগুনৰ আবিৰ সানি,
আঁকিলোঁ এখনি চিত্ৰ প্ৰেমৰ,
লিখিলোঁ এটি মালিতা প্রেমৰ।
আহিবাচোন বসন্তৰে এটি আবেলিত
আহিবাচোন বহাগৰে এটি প্ৰেমৰে বিয়লিত
দেখাম, শুনাম দুবাহুৰ মাজতে তোমাক সাৱটি
অতদিন মনত নমা প্ৰেমৰে উপমা,
অতদিন মনত কঢ়িওৱা প্ৰেমৰে নমুনা।