ফাগুন – অসীম জ্যোতি দাস

ফাগুন

অসীম জ্যোতি দাস, মৰিগাঁও

কোনে কয় ফাগুনৰ ৰং নাই বুলি
সৌৱা আকাশৰ কপালত
শিমলু পলাশ আৰু মদাৰে দিয়ে
সেন্দুৰৰ তিলক পিন্ধাই,
ধৰাতো দিয়ে বুটা বচা দলিচা মেলাই।
কিন্তু!
ফাগুন আহিলেই তলসৰা পাতবোৰে
ৰিঙিয়াই মাতে এজাক বৰষুণক !
চিৰসেউজ গছবোৰেও নিৰৱে উচুপে
ধূলিৰে ধূসৰিত হৈ !
সিহঁতৰো আশা ধূলিৰ শুভ্ৰ সাজযোৰ সলাই
এযোৰ শ্যামলী সাজ পিন্ধা ।
সেয়ে সিহঁতৰো কামনা !
চিৰতৰুণ বৰষুণ জাকক এবাৰ আলিংগন কৰা ।