দৈনিক তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰা হ’ব-মুখ্যমন্ত্ৰী

pc twitter

অনলাইন বাৰ্তাসেৱাঃ- জনতা ভৱনত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ২১ জুনৰ পৰা ৩০ জুনলৈ বৰ্ধিত টিকাকৰণ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি উক্ত কেইদিন দৈনিক তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা দৈনিক তিনি লাখকৈ ভেকচিন প্ৰদান কৰিব বুলি অৱগত কৰিছে। মুখ্যমন্ত্ৰী  শৰ্মাই মুখ্যমন্ত্ৰী সচিবালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে আটাইকেইখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে বৰ্ধিত টিকাকৰণ অভিযান সন্দৰ্ভত আলোচনাত মিলিত হয়। এই আলোচনাকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাকে ব্যাপক হাৰত টিকা প্ৰদান কৰাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিয়ে। এতিয়াৰে পৰা ৰাজ্যত কোভাক্সিন আৰু কোভিশ্বিল্ড দুয়োবিধ ড’জেই উপলব্ধ হ’ব বুলি উল্লেখ কৰি ড০ শৰ্মাই লগতে এই কথাও অৱগত কৰে যে এতিয়াৰে পৰা ১৮-৪৪ বছৰ আৰু ৪৫ বছৰৰ উৰ্দ্ধৰ বুলি পৃথকে পৃথকে ভেকচিন নাথাকিব। সমগ্ৰ ভেকচিন প্ৰক্ৰিয়া একত্ৰীকৰণ কৰা হ’ব আৰু এতিয়াৰে পৰা মাত্ৰ এটা গ্ৰুপ অৰ্থাৎ ১৮+ বুলি ৰাজ্যজুৰি ভেকচিন দিব। ২১-৩০ জুনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিবলগীয়া ভেকচিন উচিতভাৱে প্ৰদান কৰিব পাৰিলে জুলাই মাহত ভেকচিন প্ৰদানৰ মাত্ৰা কেন্দ্ৰীয় চৰকাৰে আৰু অধিক বৃদ্ধি কৰিব বুলিও ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।