ডাবল মাৰ্ডাৰৰ  খলনায়িকা বন্দনা কলিতাৰ আন এক কাহিনী পোহৰলৈ

ডাবল মাৰ্ডাৰৰ  খলনায়িকা বন্দনা কলিতাৰ আন এক কাহিনী পোহৰলৈ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ  খলনায়িকা বন্দনা কলিতাৰ আন এক কাহিনী পোহৰলৈ আহিছে। আৰক্ষীৰ জেৰাত ওলাইছে ইটোৰ পিছত সিটো তথ্য। নিজ মুখে বন্দনাই স্বীকাৰ কৰিছে এটাৰ পিছত আনটো তথ্য। আৰক্ষীৰ জেৰাত শেহতীয়াকৈ পোহৰলৈ আহিছে বন্দনাৰ কেতবোৰ ন ন তথ্য। বন্দনা কলিতাই অমৰজ্যোতি দে’ৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল। তেতিয়া গম পাইছিল শংকৰী দে’ৰ সম্পত্তিৰ কথা। শংকৰী দে’ৰ ধন–সম্পত্তি দেখি অমৰক প্ৰেমৰ জালত পেলাইছিল বন্দনাই। অমৰক প্ৰেমৰ জালত পেলোৱাৰ মূল কাৰণ আছিল শংকৰী দে’ৰ সম্পত্তি। কেনেকৈ সেই সম্পত্তি সৰকাব পাৰি তাৰ পাং পাতিছিল বন্দনাই। আৰু অৱশেষত অমৰজ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ শংকৰী দে’ৰ অগাধ ধন–সম্পত্তিৰ মালিকনী হোৱাৰ পৰিকল্পনা কৰিছিল বন্দনাই। শংকৰী দে’ৰ পৰা সম্পত্তি কেনেকৈ নিজৰ নামত আনিব পাৰি তাৰ বাবে ধনটি আৰু অৰূপৰ সৈতে আলোচনা কৰিছিল বন্দনাই। বৰ্তমান বন্দনা আৰক্ষীৰ জিম্মাত। তিনি অভিযুক্তক ধাৰাবাহিকভাৱে জেৰা চলাইছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আৰক্ষী জেৰাত হয়তো পোহৰলৈ আহিব পাৰে বন্দনাৰ আৰু অধিক কলংকিত কাহিনী।