(অণুগল্প)
“হতভঙা কপাল”
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
পুৱাতে ধনীৰামে আঘোণৰ কুঁৱলীয়ে বাঁট ভেটি ধৰা ধাননি পথাৰ খন চাই ভাবিছে,যোৱাবছৰ খেতিবোৰ বানৰ কবলত নষ্ট হোৱাত পেটত গামোচা মাৰিব লগা অৱস্থা হৈছে।সন্তান কেইটাও বহু কষ্ট ভোগ কৰিছে।এইবাৰো বহু আশাৰে প্ৰখৰ ৰ’দত কষ্ট কৰিছিল মাটি চহোৱাৰ পৰা ৰোৱালৈকে কিন্তু এইবাৰ আৰু একোব চৰা হ’ল।
ধনীৰামে মূৰে কপালে হাত থৈ কৈছে,হায়ঃ হতভঙা কপাল! দুখীয়াৰহে দুখৰ উপৰি দুখ।এইবাৰ ‘ন’ খোৱা পৰ্ব পাতিবলৈয়ো সোণগুটি বুটলিবলৈ নাপাম।সকলো বানে তহিলং কৰাৰ লগতে কাম চৰাই খায়ো শেষ কৰিলে।
