এআইডিএছঅ’ৰ মাতৃভাষা দিৱস উদ্যাপন
ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ সংগঠন এ আই ডি এছ অ’, যুব সংগঠন এ আই ডি ওৱাই অ’আৰু মহিলা সংগঠন এ আই এম এছ এছ’ৰ উদ্যোগত ৰাজ্যব্যাপী আন্তৰ্জাতিক মাতৃভাষা দিৱস যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰা হয়। সমগ্ৰ দেশৰ লগতে অসমতো শ্বহীদ বেদী স্থাপন কৰি মাতৃভাষা ৰক্ষাৰ আন্দোলনত মৃত্যু বৰণ কৰা শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উদ্দেশ্যে গুৱাহাটী, উত্তৰ লক্ষীমপুৰ , নলবাৰী,যোৰহাট,গোৱালপাৰা, ধুবুৰী,শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আলোচনা সভা অনুষ্ঠিত হয়। শিলচৰত শ্বহীদ ক্ষুদিৰাম মূৰ্তিৰ পাদদেশত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এ আই ডি এছ অ’ৰ সৰ্বভাৰতীয় উপসভাপতি ডাঃ মৃদুল সৰকাৰে কয় যে আজি যেতিয়া বিজেপি চৰকাৰে সমগ্ৰ দেশতে অহিন্দী ভাষী জনগণৰ ওপৰত জোৰকৈ হিন্দী ভাষা জাপি দিব বিচাৰিছে, তেতিয়া এই মাতৃভাষা দিৱস উদযাপনৰ তাৎপৰ্য অপৰিসীম। তেওঁ কয় যে দেশ বিদেশৰ ভাষাবিদ আৰু শিক্ষাবিদসকলে দৃঢ় অভিমত ব্যক্ত কৰিছে যে জ্ঞান জগতৰ বিষয়বস্তু আয়ত্ত কৰাৰ ক্ষেত্ৰত মাতৃভাষা শিক্ষাৰ মাধ্যম হোৱাৰ লগতে বিশ্বৰ জ্ঞান ভাণ্ডাৰৰ লগত চিনাকি হোৱাৰ বাবে প্ৰথম শ্ৰেণীৰ পৰাই এটা বিষয় হিচাপে ইংৰাজী ভাষাটো গুৰুত্ব সহকাৰে পঢ়োৱা উচিত। অথচ হিন্দী- হিন্দু – হিন্দুস্থানৰ এজেণ্ডা বাস্তবায়িত কৰাৰ স্বাৰ্থত আজি শিক্ষাবিদসকলৰ মতামত উপেক্ষা কৰি ফেচিবাদী কায়দাৰে হিন্দী ভাষা জাপি দিব বিচৰা হৈছে আৰু ইয়াৰ দ্বাৰা বিভিন্ন ভাষা গোষ্ঠীৰ জনসাধাৰণৰ মাজত ভাষাক কেন্দ্ৰ কৰি দ্বন্দ্ব-সংঘাতৰ জন্ম দিয়াৰ চক্ৰান্ত ৰচনা কৰা হৈছে। তেওঁ কয় যে যিদৰে তদানীন্তন পূৰ্ব পাকিস্তান, এতিয়াৰ বাংলাদেশৰ জনসাধাৰণে উৰ্দু ভাষা জাপি দিয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰি প্ৰাণ বিসৰ্জন দিছিল আৰু মাতৃভাষা ৰক্ষাৰ আন্দোলন সফল কৰিছিল, সেয়া সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণাৰ উৎস বাবেই ইউনেস্কোই ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে ঘোষণা কৰিছে। তেওঁ কয়, স্বেচ্ছাই যি কোনো ভাষা চৰ্চা কৰাৰ যেনেকৈ সুযোগ থকা দৰকাৰ, ঠিক তেনেকৈ কোনো জনগোষ্ঠীৰ ওপৰত কোনো ভাষাই জাপি দিয়া উচিত নহয়। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ স্বৈৰাচাৰী ভাষানীতিৰ বিৰুদ্ধে দেশব্যাপী তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায়৷