আমি মাত্ৰ মানৱ জাতি- মুন শৰ্মা

Pc Medium
 আমি মাত্ৰ মানৱ জাতি
হিন্দু,মুছলমান,  শিখ, খ্ৰীষ্টান,
মাত্ৰ এটি নাম  পৃথিৱীৰ।
বহু জাতি যদিও পৃথিৱীত,
 পৰিসংখ্যা  মাত্ৰ ই পৃথিৱীত।
একক জাতি বিস্তাৰিত পৃথিৱীত,
মাত্ৰ মানৱ জাতিৰ ৰূপে গঠিত,
প্ৰথম দ্বিতীয় সদৌ শেষতো,
আমি মাত্ৰ মানৱ জাতি।
কিহৰ প্ৰভেদ ভাগ ভাগ শ্ৰেণী ভাগ,
থাকক নাম,থাকক ধৰ্ম,
আৰু থাকক বিভিন্ন কৰ্ম,
আক্ষেপ বুলিব একোৱেই নাই।
মাত্ৰ অনুৰোধ হিংসা, বিষেধ,
অশুভ সাম্প্ৰদায়িকতা নানিবি অ’,
ঈশ্বৰ সন্তান আমি সকলো,
একে আইৰে আমি সকলো,
মিলিজুলি  আগুৱাও আহ সকলো,
সুখ শান্তি আৰু সমৃদ্ধিৰে,
আহ মহাসুখৰ স্বৰ্গ পাতো।
          মুন শৰ্মা, 
লখিমপুৰ