কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত “বৰগীতৰ কৰ্মশালা”

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত “বৰগীতৰ কৰ্মশালা”

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ বিৰচিত বৰগীতৰ সপ্তাহজোৰা কৰ্মশালা অনুষ্ঠিত হয়। ২০ জানুৱাৰীত মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে বন্তি প্ৰজ্বলন কৰি বৰগীত কৰ্মশালা খনিৰ শুভাৰম্ভ কৰে। উক্ত কৰ্মশালাত অধ্যাপক, ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি প্ৰায় ৩৫-৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ৩ফেব্ৰুৱাৰীত কৰ্মশালাখনিৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকা প্ৰমুখ্যে অধ্যাপক আৰু ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্হিতিত প্ৰশিক্ষাৰ্থী সকলৰ বৰগীত পৰিৱেশনেৰে প্ৰেক্ষাগৃহ মুখৰিত হৈ পৰে।কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকনে প্ৰমাণ পত্ৰ বিতৰণৰ লগতে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক তথা অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপ’ক ইন্দ্ৰানী গগৈয়ে ৷ মহাবিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা অংকিতা ডেকাই শলাগৰ শৰাই আগবঢায়।