চৰকাৰে স্বাস্থ্য খণ্ডত অধিক গুৰুত্ব দিয়ক- সত্যজিৎ গগৈ

Pc The Indian Express
চৰকাৰে স্বাস্থ্য খণ্ডত অধিক গুৰুত্ব দিয়ক
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী মহোদয়।আপোনালোকৰ জ্ঞাতাৰ্থে জনাঁও যে অসমৰ জনগণ তেতিয়াহে জীয়াই থাকিব।যেতিয়া তেঁওলোক সু-স্বাস্থ্যৰ অধিকাৰী হ’ব।বৰ্তমান বিশ্বৰ লগতে অসমতো বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়াৰ ফলত সকলো ৰাইজ আতংকিত হৈ উঠিছে।কিয়নো ৰাজ্যত যিমান সংখ্যক চিকিৎস্যালয় আছে।তাৰ বিপৰীতে  চিকিৎসকৰ সংখ্যা কম।সেয়েহে চৰকাৰক অনুৰোধ জনাইছোঁ যে অসমত যিমান বিলাক চিকিৎস্যালয় আছে।সকলোতে প্ৰয়োজন অনুসৰি চিকিৎসক ,অত্যাধুনিক পৰীক্ষাগাৰ আৰু আধুনিক যন্ত্ৰ পাতিৰ যোগান ধৰক।যাতে ৰাজ্যত কোনো এজন ৰোগী ডাক্টৰ,ঔষধ নতুবা পৰীক্ষাগাৰৰ অভাৱত মৃত্যু হ’ব লগা নহওক।যদিহে স্বাস্থ্য ভালে নাথাকে।তেন্তে জনতাই কি দৰে সুস্থ মন আৰু মগজুৰে শিক্ষা গ্ৰহণ কৰিব!যদিহে সু-শিক্ষা গ্ৰহণ নকৰে তেন্তে কিদৰে জনতাই ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব!গতিকে অসমীয়াত এষাৰ কথা আছে যে ‘দেহা থাকিলেহে বেহা।’দেহাটো যদি ভালে নাথাকে,তেনেহলে মানুহে কোনো কামতে উন্নতি কৰিব বা পাৰদৰ্শিতা দেখুৱাব নোৱাৰে।সেয়েহে চৰকাৰলৈ আমাৰ কাতৰ অনুৰোধ থাকিল যাতে অন্য বিভাগ সমূহতকৈও অধিক সংখ্যক  খালি পদত চিকিৎসক নিযুক্তি দি অসমৰ স্বাস্থ্য খণ্ডৰ পৰম উন্নতি সাধন কৰিব।আমি ভাৱো আৰু বিচাৰোঁ যে অসম চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডতেই সৰ্বাধিক নিযুক্তি দিয়াত গুৰুত্ব প্ৰদান কৰক।তেতিয়াহে অসমে উন্নতিৰ পথত আগুৱাব পাৰিব।
সত্যজিৎ গগৈ
নাহৰকটীয়া,ডিব্ৰুগড়