বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন
ৰঙিলী বাৰ্ত্তাসেৱা- চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আফজাল হুছেইনক নিলম্বন।মহিলা নিৰ্যাতনৰ ঘটনাৰ তদন্তত হেমাহিৰ অভিযোগত নিলম্বিত হ’ল আৰক্ষী বিষয়াগৰাকী।চিৰাঙৰ নাঙলভঙাত এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা চলিছিল।খেতিপথাৰৰ মাজতে একাংশ দানৱৰ নিকৃষ্ট কাণ্ড ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।বেংতল আৰক্ষী চকীত অভিযোগ দিছিল ভুক্তভোগী মহিলাগৰাকীয়ে। কিন্তু বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক আফজাল হুছেইনে দুৰ্ভগীয়া মহিলা গৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে আচামীসকলক ৰক্ষণাবেক্ষণ দি শ্লীলতাহানিৰ গোচৰ উঠাই ল’বলৈ মহিলাগৰাকীক হেচাঁ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনা সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল বেংতল আৰক্ষীয়ে।অৱশেষত চিৰাং আৰক্ষীৰ পৰা বিভাগীয় ভাৱে তদন্ত কৰি শুকুৰবাৰ বিয়লিৰ ভাগত আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজাল আলীক চাকৰিৰ পৰা নিলম্বন কৰে।