স্বাস্থ্য আৰু গৃহ বিভাগত ১২০৮ক নিযুক্তি পত্ৰ প্ৰদান

Pc Facebook

স্বাস্থ্য আৰু গৃহ বিভাগত ১২০৮ক নিযুক্তি পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত  ১২০৮ গৰাকী প্ৰাৰ্থীক অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰে। ১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ। অসম চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তি প্ৰক্ৰিয়া।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, স্বাস্থ্য মন্ত্ৰী হিচাপে মই ২০০৬ চনত দায়িত্ব লৈছিলো। এবছৰ বাদ দি ২০২১ চনলৈ মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলো আৰু মুখ্যমন্ত্ৰী হিচাপেও স্বাস্থ্য বিভাগৰ ওপৰত যিমান পাৰো দৃষ্টি ৰাখিবলৈ চেষ্টা কৰো। স্বাস্থ্য বিভাগত খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা ষ্টাফ নাৰ্ছসকলে পালন কৰে। ২০০৬ চনত অসমত প্ৰায় ১০ হাজাৰ ষ্টাফ নাৰ্ছে চাকৰি পোৱা নাছিল। তেতিয়া অসমত নাৰ্ছিং হোমো নাছিল। সেই সময়ত আমি একেলগে জজ খেলপথাৰত ২৬০০ ছোৱালীক জিএনএম নাৰ্ছৰ নিযুক্তি পত্ৰ দিছিলো। তাৰ পিছত অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, চৰকাৰ সকলো মিলি অতি কমেও ১৫ হাজাৰ ছোৱালীয়ে ষ্টাফ নাৰ্ছৰ চাকৰি পাইছে।তাৰ লগে লগে জিএনএম শিক্ষা ব্যাপক কৰি তোলাৰ বাবে জিএনএম স্কুল খুলিবলৈ অনুমতি দিয়া আৰু ৰাজ্য চৰকাৰেও জিএনএম স্কুল খোলাৰ কাৰণে জিএনএম পঢ়া ছোৱালীৰ সংখ্যা যথেষ্ট বেছি। আজি প্ৰত্যেকগৰাকী জিএনএম পাছ কৰা ছোৱালীয়ে হয় চৰকাৰ, নহ’লে নেচনেল হেল্থ মিছন বা প্ৰাইভেট নাৰ্ছিং হোমত চাকৰি পাবলৈ সক্ষম হৈছে।নিযুক্তিৰ খতিয়ান সদৰী কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে মেডিকেল শিক্ষাত ১৪৫গৰাকী, স্বাস্থ্য সেৱাত ১,০০৫গৰাকী, পৰিয়াল কল্যাণত ৪৯গৰাকী, অটল অমৃতত ৪২৯ গৰাকী, ৰাষ্ট্ৰীয় অভিযানত ৭৯১ গৰাকী, বিভাগত ৪৪ গৰাকী আৰু এনএইচএমত পৰৱৰ্তী পৰ্যায়ত ২৫৫গৰাকী . নিযুক্তি হৈছে। অহা কেইদিনত স্বাস্থ্য বিভাগত তৃতীয়বৰ্গৰ পদৰ নিযুক্তি হ’ব। এসপ্তাহৰ ভিতৰত ২,৪০০টা পদৰ নতুন মেডিকেল কলেজত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। স্বাস্থ্য বিভাগৰ সৰ্বমুঠ ১২ হাজাৰ নিযুক্তি হ’ব। ইপিনে, বিগত সময়ছোৱাত আলফা, এনডিএফবি, বিএলটি, কাৰ্বি-ডিমাচা-আদিবাসী সশস্ত্ৰ সংগ্ৰামীৰ গুলী, বিস্ফোৰণ, এম্বুছত প্ৰাণ হেৰুওৱা ৭২গৰাকী আৰক্ষী লোকৰ নিকটাত্মীয়ক আজি আৰক্ষী বিভাগত নিযুক্তি প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ১৯৮৮ৰ পৰা এতিয়ালৈ সশস্ত্ৰ সংগ্ৰামীৰে হোৱা এম্বুছত অসম আৰক্ষীৰ ৪২২জন ব্যক্তি নিহত হয়। আজি ইয়াৰে ৭২জনৰ পৰিয়ালৰ নিকটাত্মীয়ক নিযুক্তি দিয়া হৈছে। অহা দুমাহৰ ভিতৰত অৱশিষ্টসকলৰ পৰিয়ালৰ নিকটাত্মীক নিযুক্তি প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা নৱনিযুক্ত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, গৃহ বিভাগৰ প্ৰধান সচিব নিজ বাৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ড° লক্ষ্মীপ্রিয়া উপস্থিত থাকে।