২২ৰ পৰা ৩০ বছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগে:মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, বাল্য বিবাহ আৰু শিশুৰ জন্ম যদি ৰোধ কৰিব পাৰো তেন্তে আমি প্ৰসূতি আৰু শিশুৰ মৃত্যু ৰোধৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পাৰিম। এনএইচএমে এই কাম হাতত লৈছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুৱ প্ৰজন্মক বিশেষ আহ্বান। মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণৰ মাজতে কয় যে,’ ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগে।বিয়া নপতাসকলে সোনকালে বিয়া পাতিব লাগে। ৰখি থাকিলেও দিগদাৰ।যিদৰে কম বয়সত বিয়া পাতিব নালাগে, বেছি বয়সতো বিয়া হ’ব নালাগে।২২ৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে।৩৫ বছৰৰ পিছত বিয়া হোৱা, সন্তান জন্ম দিয়াটোৱেও কেতিয়াবা অসুবিধাত পেলায়।”