অধ্যাপিকা ড০ সঞ্জিতা সিংহৰ বিয়োগ : “বহুবাক” সহ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

অধ্যাপিকা ড০ সঞ্জিতা সিংহৰ বিয়োগ : “বহুবাক” সহ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱ ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা, বিষ্ণুপ্ৰিয়া মণিপুৰী, অসমীয়া ভাষাৰ অগ্ৰণী লেখিকা, “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ সদস্যা ড০ সঞ্জিতা সিনহাই ক‍ালি সন্ধিয়া নগাৱৰ পৰা ৰেলেৰে আহি নাৰেংগী (গুৱাহাটী)ত নামিব ওলাওতেই হোৱা এক শোকাৱহ দুৰ্ঘটনাত বিয়াগ ঘটে । তেওঁৰ বিয়াগৰ খৱৰ পোৱা মাত্ৰকে শোকত ভাগি পৰে “বহুবাক”(বহুভাষিক সাহিত্য মঞ্চ, অসম)পৰিয়াল । বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় – “আমি হেৰুৱালো এগৰাকী অতি বিদূষি, বিদ্যায়তনিক দিশত অতি আগবঢ়া, ভাষাৰ ক্ষেত্ৰত সদাসচেতন এগৰাকী গৱেষিকা, শিক্ষয়িত্ৰীক ।সংস্কৃত, অসমীয়া, বাংলা, হিন্দী, ইংৰাজীৰ লগতে তেওঁৰ মাতৃভাষা বিষ্ণুপ্ৰিয়া মণিপুৰীত কেইবা শতাধিক ৰচনা, প্ৰবন্ধ লিখা, অসমত সমন্বয়-সংহতিৰ কাৰণে নিৰলস, নিৰবে কাম কৰা ড০ সিনহাই নিৰবে কাম জৰি আছিল ।” তেখেতৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি কুলৰঞ্জন ভূঞা, মিচিং কাব্য সাহিত্যৰ অগ্ৰণী লেখক জিতেন পায়েং, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক মানসী সিনহা, পূৰ্বাঞ্চলিয় লোক পৰিষদৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, সুৰতীৰ্থৰ উপ-সভাপতি অবনী ৰঞ্জন পাঠক, জ্যোষ্ঠ গীতিকাৰ শচীন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা প্ৰভৃতি দল-সংগঠনে গভীৰ শোক-প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদগতি কামনা কৰে ।