বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীবী, শিক্ষাবিদ, সাহিত্যিক, দিগগজ চিন্তাৰ বাহক ড০ শিৱনাথ বৰ্মণৰ বিয়াগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে । এক শোক-বাৰ্তাত “বহুবাক” ( বহুভাষিক সাহিত্য মঞ্চ,অসম)ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “আমি হেৰুৱালো এজন উদাৰমনা বিজ্ঞান মনস্ক মহান ব্যক্তিক । দূৰদৃষ্টি সম্পন্ন ড০ বৰ্মন চাৰৰ চিন্তা – ভাৱনা স-প্ৰতিভ আছিল।” তেখেতৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি কুলৰঞ্জন ভূঞা, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, মিচিং কাব্য সাহিত্যৰ অগ্ৰণী লেখক জিতেন পায়েং, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক মানসী সিনহা, পূৰ্বাঞ্চলিয় লোক পৰিষদৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, সুৰতীৰ্থৰ উপ-সভাপতি অবনী ৰঞ্জন পাঠক, জ্যোষ্ঠ গীতিকাৰ শচীন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা প্ৰভৃতি দল-সংগঠনে গভীৰ শোক-প্ৰকাশ কৰি ড০ বৰ্মনদেৱৰ বহুমুখী ব্যক্তিত্ব, কৰ্মৰাজীক স্মৰণ কৰে ।