ইতিহাসৰ পাতত মানি অৰ্ডাৰ- দীপাঞ্জলি শৰ্মা বৰুৱা

ইতিহাসৰ পাতত মানি অৰ্ডাৰ

১৩২ বছৰ পুৰণি ডাক বিভাগৰ মানি অৰ্ডাৰ সেৱা বন্ধ হ’ল। ১৮৮০ চনৰ পৰা মানি অৰ্ডাৰ সেৱাই অনেকৰ মুখলৈ হাঁহি বিৰিঙাই বিৰিঙাই নিজেই ইতিহাস হ’ল, যেনেকৈ কিছুদিনৰ আগতে ইতিহাস হ’ল টেলিগ্রাম। ভাৰতৰ বিভিন্ন স্থানত কৰ্মৰত ব্যক্তিসকলে আপোন ঘৰখনত থকা মাক-দেউতাক, গৃহিণীসকললৈ টকা পঠাইছিল এই সেৱাৰ যোগেদি। সঁচাকৈ মানি অর্ডাৰে সেই সময়ত ভাৰতবাসীক যিখিনি সহায় আগবঢ়ালে তাক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব। কিন্তু মানি অর্ডাৰৰ প্রচলন বন্ধ হলেও ইয়াৰ লগত থকা মানুহৰ স্মৃতি স্মৃতি হৈয়ে ৰ’ব। একোটা পৰিয়ালে মানি অৰ্ডাৰ পোৱা দেৰি হ’লে ঘৰখন চলাত আউল লাগিছিল। ব্যক্তিগত কথাৰে ক’ব খোজোঁ যে মোৰ দেউতা ভাৰতীয় সেনা বাহিনীত কৰ্মৰত অৱস্থাত মা তথা ঘৰৰ বৃদ্ধ ককা-আইতাই কিদৰে মানি অৰ্ডাৰ অহালৈ বাট চাই থাকিছিল সেই কথা আজিও মায়ে সোঁৱৰে। বিশেষকৈ মোৰ আৰু বাইদেউৰ | বিদ্যালয়ত নামভর্তি, পৰীক্ষাৰ মাচুল দিয়াৰ আগে আগে দেউতাই পঠোৱা মানি অৰ্ডাৰৰ টকাৰ বাবে বৰ আকুলতাৰে বাট চাইছিল মায়ে। ইয়াৰ উপৰি মানি অর্ডাৰ যোগে মোৰ দৰে বহুতে কিতাপ প্রকাশকলৈও টকা প্ৰেৰণ কৰিছিল নির্দিষ্ট কিতাপ ডাকত পঠাবৰ বাবে। কিন্তু বর্তমান ইণ্টাৰনেটৰ যুগত নৱ প্ৰজন্মৰ কিমানে মানি অৰ্ডাৰ, টেলিগ্রাম, প’ষ্টকার্ড, ইনলেণ্ড কার্ড চিনি পায় অথবা ডাক বিভাগৰ এই বস্তুকেই পদৰ আমেজ লৈ পাইছে, হয়তো এচামে ইয়াক চিনিয়ে নাপায়। এটা সময়ত মানি অর্ডাৰৰ কথা নতুন প্ৰজন্মই সাধু শুনাৰ দৰেহে শুনিব লাগিব।

বর্তমান ডাক বিভাগো আধুনিক হ’বলৈ আৰম্ভ কৰিছে। দ্ৰুতবেগী ইলেক্ট্রনিক মানি অর্ডাৰ (EMO) আৰু ইনষ্টেণ্ট মানি অর্ডাৰ (IMO) সেৱা আৰম্ভ হ’ল। পূর্বতে প্রচলিত মানি অৰ্ডাৰতকৈ এই দুটা মানি অর্ডাৰত টকা পঠালে তৎক্ষণাত পোৱাৰ সুবিধা হ’ল। EMO ৰ যোগেদি টকা পাবলৈ সময় লাগে মাত্ৰ এদিন। কিন্তু মানি অর্ডাৰৰ যোগেদি টকা পাবলৈ বহু সময় লাগে। বেছি সময় লোৱা আৰু বেছি খৰচৰ বাবেই মানি অর্ডাৰৰ যুগৰ সমাপ্তি ঘটিল। ১৩২ বছৰীয়া বৰ্ণিল অধ্যায়ৰ যুগৰ অৱসান ঘটিল যদিও ইয়াৰ ব্যৱহাৰৰ লগত জড়িত মানুহৰ হৃদয়ত ই এক ৰঙীণ কেনভাছ হৈ ওলমি ৰ’ব।

 

দীপাঞ্জলি শৰ্মা বৰুৱা

কম্পিউটেক কম্পিউটাৰ ইন্‌ষ্টিটিউট বৰপথাৰ নগৰ, গোলাঘাট