ক’ভিডৰ পাছত পুনৰ বিশ্বলৈ আহিব পাৰে আন এক মহামাৰী

ক’ভিডৰ পাছত পুনৰ বিশ্বলৈ আহিব পাৰে আন এক মহামাৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব স্বাস্থ্য সংগঠন (ডব্লিউ এইচ অ’) আৰু আমেৰিকাৰ জনস্বাস্থ্য সংস্থা চেণ্টাৰ্ছ ফৰ ডিজিজ কন্ট্রল এণ্ড প্রিভেনশানে (চি ডি চি) কালি এখন যুটীয়া প্ৰতিবেদনত কয় যে ক’ভিড-১৯ মহামাৰীৰ কাৰণে বিশ্বৰ বিভিন্ন অঞ্চলত সৰু আই প্ৰতিৰোধী ভেকচিন দিয়া কাৰ্য মন্থৰ হৈ পৰাৰ কাৰণে আৰু নিৰীক্ষণ দুৰ্বল হৈ পৰাৰ কাৰণে এতিয়া বিশ্বৰ বিভিন্ন অঞ্চলত সৰু আই বিয়পি পৰাৰ আশংকাই দেখা দিছে।উল্লেখযোগ্য যে সৰু আই (মিজল্‌ছ) এটা অন্যতম অতি সংক্ৰামক হিউমেন ভাইৰাছ আৰু টিকাকৰণৰ যোগেদি প্রায় সম্পূর্ণৰূপে প্ৰতিৰোধ কৰিব পাৰি।কিন্তু জনসংখ্যাৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ টিকাকৰণৰ প্রয়োজন।পূৰ্বৰ বছৰবোৰৰ তুলনাত এতিয়াও সৰু আইৰ সংক্ৰমণ নাটকীয়ভাৱে বৃদ্ধি পোৱা নাই যদিও ব্যৱস্থা লোৱাৰ প্ৰয়োজন।বিশ্ব স্বাস্থ্য সংগঠনৰ সৰু আই ৰোগ বিভাগৰ মুৰবৰী পেট্রিক অকনৰে এই কথা কয়।তেওঁ কয়, ‘আমি এটা সন্ধিক্ষণত উপনীত হৈছোঁ। ১২-২৪ মাহত সৰু আইৰ প্ৰাদুৰ্ভাৱ কমাবলৈ চেষ্টা কৰাটো অতি হ’ব।’দূৰত্ব মানি চলাৰ ব্যৱস্থা আৰু সৰু আইৰ চক্ৰৱ‍ প্ৰকৃতিৰ কাৰণে,টিকাকৰণ ব্যাহত হোৱা সত্ত্বেও সংক্রমণ বৰ বেছি বঢ়া নাই।কিন্তু পৰিস্থিতি তৎক্ষণাৎ সলনি হ’ব পাৰে বুলি উল্লেখ কৰি অ’কনৰে কয় যে তাৰ কাৰণ হ’ল সৰু আই বৰ বেছি সংক্রমক।তেওঁ কয় যে ২০২২ চনৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সৰু আইৰ সংক্ৰমণ ১৯ শতাংশৰ পৰা প্ৰায় ৩০ শতাংশ বঢ়া বিশ্ব স্বাস্থ্য সংগঠনে লক্ষ্য কৰিছে।