অসম সীমান্তত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাত ভাৰতীয় জনতা পাৰ্টিৰ দুখ প্ৰকাশ

Pc Wikipedia

অসম সীমান্তত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাত ভাৰতীয় জনতা পাৰ্টিৰ দুখ প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সীমান্তত বন মাফিয়াই অসমৰ ভূমিত চলোৱা লুণ্ঠন আৰু বন ধ্বংস ৰুধিবলৈ যাওঁতে সৃষ্টি হোৱা আইন- শৃংখলাজনীত পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টিয়ে দুখ প্ৰকাশ কৰি এনে ঘটনাক অতি দুৰ্ভাগ্যজনক ঘটনা বুলি গণ্য কৰিছে। দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলংগৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই থকা অবাধ লুণ্ঠনক বাধা দিবলৈ যাওঁতেই বিষম পৰিস্থিতিৰ উদ্ভাৱন হৈ অনাকাংক্ষিত ভাবে হোৱা ভয়ংকৰ সংঘৰ্ষত কৰুণ মৃত্যুক সাৱটিব লগীয়া হোৱা বন কৰ্মী,সুৰক্ষা কৰ্মী আৰু স্থানীয় আবাসীকে ধৰি মুঠ চজন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এনে ঘটনাৰ উচিত তদন্তৰ আহ্বান জনাই ভাৰতীয় জনতা পাৰ্টিয়ে। এইখিনিতে উলেখযোগ্য যে এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰা উচ্চস্তৰীয় ন্যায়িক আয়োগ আৰু চি বি আই তদন্ত আৰু মৃতকৰ পৰিয়াললৈ ঘোষনা কৰা পাছ লাখকৈ আৰ্থিক সাহাৰ্যক দলে আদৰণি জনাইছে ।লগতে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ বনাঞ্চলত বিচৰণ কৰি মেঘালয়ৰ দুৰ্বৃত্তই সংঘটিত কৰা এনে কোটাঘাটক তীব্ৰ ভাষাৰে নিন্দা কৰি সীমান্তৱৰ্তী ৰাইজক সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা আঁতৰত থাকি আইনশৃংখলা পৰিস্থিতি বাহাল ৰাখিবলৈ আহ্বান জনাইছে।