Euro 2020ঃ পৰ্টুগালে হাঙগেৰীক পৰাষ্ট কৰিবলৈ সক্ষম হয় ৩-০ৰ ব্যৱধাৱত

pc Reuters

অনলাইন বাৰ্ত্তাসেৱা – আঠ মিনিটৰ ভিতৰত তিনিটা গ’ল স্ক’ৰ কৰি পৰ্তুগালে হাংগেৰীৰ বিৰুদ্ধে এক সবল স্থিতি লাভ কৰিবলৈ সক্ষম হয়। পৰ্টুগাল এই সমগ্ৰ খেলখনত প্ৰভাৱশালী স্থিতিত আছিল। প্ৰথমাৰ্ধত তেওঁলোকে কিছু সুযোগ পাইছিল যদিও সফল নহ’ল। প্ৰথমাৰ্ধৰ শেষৰ ফালে ৰোনাল্ডোৱে এটা সুন্দৰ সুযোগ হেৰুৱাই, কিন্তু দ্বিতীয়াৰ্ধৰ শেষৰ ফালে তেওঁ দুটা গ’ল স্ক’ৰ কৰাৰ লগে লগে  এতিয়া তেওঁ হৈ পৰে ‘ইউৰো’ৰ শীৰ্ষ গ’ল স্কোৰাৰ। ৮৯ মিনিটত হাঙগেৰী বিৰুদ্ধে হোৱা খেলখনত তৃতীয়টো গ’লৰ খিতাপো আজুৰি আনিবলৈ সক্ষম হয় পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে।