উত্তৰাখণ্ডৰ পিথোৰাগড়ত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প

Pc The economic Times

উত্তৰাখণ্ডৰ পিথোৰাগড়ত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ পিথোৰাগড়ত বুধবাৰে পুৱা প্ৰায় ৬.২৭ বজাত ৪.৩ ৰিখটাৰ ভূমিকম্প সংঘটিত হয়। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ভূমিকম্পৰ গভীৰতা মাটিৰ পৰা ৫ কিলোমিটাৰ তলত আছিল। বুধবাৰে পুৱা প্ৰায় ২ বজাত নেপালত ৬.৩ প্ৰাবল্যৰ ভূমিকম্প হয়। দিল্লী-এনচিআৰৰ কিছু অংশতো এই কঁপনি অনুভৱ কৰা হয়।