A legend is a legend- দেৱীকা বৰপূজাৰী

Pc Telegraph India

A legend is a legend
And legend never dies

উঃ কি যে দুখ পালো ; নিপন গোস্বামীয়ে বিদায় লোৱা শোক কমাই নাই , এতিয়া আকৌ এই খবৰ ! অসমৰ প্ৰবীণ শিল্পী, ভাস্কৰ্য্যবিদ নীলপৱন বৰুৱা আৰু নাই। অসমৰ পৰা দুজন সুযোগ্য সন্তানে একলগেই এই ধৰাৰ পৰা মেলানি মাগিলে !
নীলপৱন বৰুৱা মোৰ বৰদেউতা, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ বৰপুত্ৰ ; মোতকৈ বহুত ডাঙৰ যদিও নিলদাক মই বৰ ওচৰৰ পৰা কেইবাবছৰো পাইছিলো। আমি তেতিয়া গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলত ভাড়া ঘৰত আছিলো কিছু বছৰ। সেই সময়ত উজনিৰ আপোন মানুহ গুৱাহাটীত তেনেকৈ নাছিলেই; এনেয়ো আমাৰ ঘৰতে থাকি কটন কলেজ, সন্দিকৈ কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা বৰদেউতাৰ বা দেউতাৰ মোমায়েকৰ ল’ৰা ছোৱালী আছিলহি। তাৰো আগৰ এই কথা।
টীয়কৰ বৰদেউতা ( বিনন্দ চন্দ্ৰ বৰুৱা) ই দেউতালৈ পোষ্টকাৰ্ড এটা লিখিলে, ‘শিৱ, ই নীলে পঢ়িবলৈ মন নকৰা হৈছে। তই কিবা এটা কৰ’।
দেউতাই ককায়েকৰ কথা পেলাব নে ? একে কোবেই গৈ টীয়ক পালেগৈ আৰু নীলদাক লৈ গুৱাহাটী পালেহি। নীলদাক দেউতাই বুজাই বঢ়াই কামৰূপ একাডেমিত নৱম শ্ৰেণীত নাম লগাই দিলে। নীলদাৰ পঢ়িবলৈ মন নাযায়, ঘৰত গধূলি পঢ়িবলৈ বহি মনে মনে কাগজত কিবা আঁকি থাকে। মই তেতিয়া হয়তো চেণ্ট মেৰিজ স্কুলৰ কে জি ত পঢ়িছিলো ; মোৰ পৰা নীলদাই পেঞ্চিল, ৰবৰ খুজি খুজি লয়, মোৰ বৰ খং উঠাত এদিন মাক কৈ দিলো-‘ নীলদাই নপঢ়ে, মোৰ পৰা পেঞ্চিল লৈ বহীত কিবা আঁকি হে থাকে ‘। মায়ে সুধিলত নীলদাই ‘কোনে কৈছে ‘ বুলিলত মায়ে মই কোৱা বুলি কলে। নীলদাই একেবাৰে চোঁ মৰা দি আহি মোৰ গালত এক চৰ লগাই দিলে ‘ খুৰীতিক মোৰ কথা কি কি কৈছ ‘ বুলি। মই চিঞৰি চিঞৰি কান্দিলো আৰু মায়ে যে নীলদাক একো খং নকৰিলে, সেই ভাবি আৰু বেজাৰ লাগিছিল। এইখিনিতে এটা কথা কব খুজিছো — আজিকালি কাৰোবাৰ সাধ্য আছে নে খুৰাক বা বৰদেউতা বা মামা মাহীৰ ল’ৰা ছোৱালীক চৰ নালাগে টানকৈ শাসন কৰিবলৈ? আজিৰ মাক বাপেকেই বেয়া পাই যাব । হয় নে নহয় বাৰু ?

নীলদা rebel নাছিল কিন্তু নিজে যিটো কৰিম বুলি ভাবিছিল, সেইটোহে কৰিব খুজিছিল। দুবাৰ মেট্ৰিক দি নীলদাই পাছ কৰিলে কিন্তু দেউতাক খোলাখুলি কৈ কলে যে আৰু একো নপঢ়ে, কেৱল ছবি হে আঁকিব। দেউতাই বৰদেউতাৰ লগত আলোচনা কৰি নীলদাক পশ্চিম বংগৰ শান্তিনিকেটনত ফাইন আৰ্টছ ত ভৰ্তি কৰাই দিলে। তাত থাকোতে বন্ধ হলেই নীলদা গুৱাহাটীলৈ আহি আমাৰ ঘৰতে থাকিছিলহি। তেতিয়ালৈ ময়ো ডাঙৰ হৈছিলো আৰু নীলদাৰ পৰা শান্তিনিকেটনৰ নানা মন ভৰা কাহিনী শুনিছিলো। লগৰ বান্ধৱী চৈতালি ৰয়ৰ কথা বিশেষভাবে নীলদাই মাৰ আগত কোৱা শুনিছিলো ।বিশ্বৰ আন আন ঠাইৰ পৰাও ছাত্ৰ ছাত্ৰী শান্তিনিকেটনত আছিল আৰু নীলদা বহুতৰ লগতে বন্ধু হৈ পৰিছিল আনকি ময়ো নীলদাৰ পৰা তেতিয়াই জাপানীত কোৱা সুপ্রভাত – ohayo gozaimasu, hello or good day — ‘ kon’nchiwa, thank you -‘ arigato’.. মনত ৰাখিবলৈ লিখি থৈছিলো।
পাছলৈ নীলদাই চিগাৰেটৰ পেকেট হাতত লৈ থকা দেখিছিলো কিন্তু মা দেউতা থকা বাবেই হয়তো খোৱা দেখা নাছিলো কিন্তু চাৰমিনাৰ চিগাৰেটৰ পেকেটত বিভিন্ন ছবি অঁকা দেখা পাইছিলো। ওচৰত যিহকে পায়, মাটিৰ কলহ, কাঠৰ টুকুৰা- একোৱেই বাদ নিদিছিল। তেওঁ শান্তিনিকেটনত ভাস্কৰ্য্য ও শিকিছিল বাবে তাৰ পৰা একেবাৰে গুছি অহাৰ পাছত গুৱাহাটীত ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট সচাঁইটি আৰম্ভ কৰিছিল আৰু গুৱাহাটী মিউজিয়ামত থকা তেঁতেলি গছৰ তলত চাহ খোৱাৰ বন্দবস্ত কৰিছিল যাতে শিল্পী সকল লগ হৈ ভাব বিনিময় কৰিব পাৰে। তেজপুৰ বিশ্ববিদ্যালয়ত archive হিচাবে The Neelpawan Baruah Museum of Modern Art বুলি নীলদাৰ চিত্ৰ, ভাস্কৰ্য্য সংৰক্ষণ কৰা হৈছে।
মাজুলী লৈ গৈ মুখা শিল্পৰ লগত জড়িত হৈ গুৱাহাটীত তিনি মহীয়া কৰ্মশালাৰো আয়োজন কৰিছিল নীলদাই তদুপৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিত বৃন্দাবনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ জীৱিত কৰাৰ চেষ্টা চলাইছিল।

হঠাতে নীলদা আহি দেউতাক কলেহি, ” দাদা
( খুড়াক যদিও দেউতাক নীলদা হতে দাদা বুলিয়েই মাতিছিল) – মই দীপালিক বিয়া কৰাব খুজিছো ‘ । দেউতা অবাক, ‘ কোন দীপালি ?’ নীলদাৰ উত্তৰ ” আৰে দাদা দীপালিকো নজনা হলা নে ? কথা দেখোন পাতিয়েই থাকা ভবেন বৰঠাকুৰৰ ঘৰলৈ গলে ‘ ! দেউতাক তাৰ পাছত নীলদাই আৰু কি কলে নাজানো কিন্তু দেখিলো দেউতাই নীলদাক সাৱটি ধৰিছে….
১৯৭৬ চনত তেজপুৰত নীলদাই দীপালি বৰঠাকুৰক বিয়া কৰাই আমাৰ ঘৰৰ ওচৰত ঘৰ এটা ভাড়া কৰি থাকিবলৈ লোৱাত আমি সঘনাই তেওঁলোকক লগ কৰিবলৈ গৈছিলো। দীপালি বৌৰ মৰমবোৰো পাহৰিব নোৱাৰো। বিয়াৰ পাছত থৰক বৰক কৈ হলেও আমাক চাহ কৰি খুৱাইছিল কিন্তু কাপ টো বৰ কষ্টেৰেহে দাঙিব পাৰিছিল, হাতৰ আঙুলিত জোৰ নথকা কাৰনে।
নীলদাৰ দৰে স্বামী পোৱা বৌৰ ভাগ্য বুলি কব লাগিব। ক্ৰমশঃ শৰীৰৰ অৱস্থা বৌৰ বেয়া হৈ অহাৰ পাছত অসহায় হলেও নীলদাই পাৰ্যমানে বৌক সকলো সময়তে আৱৰি ৰাখিছিল। পাছত নিজাকৈ ঘৰ সাজি সৌৰভ নগৰত থাকিবলৈ যোৱা আৰু মোৰো বিয়া হৈ মুম্বাইলৈ অহাত নীলদা আৰু বৌৰ খবৰ আনৰ পৰাহে পাইছিলো। নীলদাৰ শিশুসুলভ হাঁহি আৰু সহজ সৰল মৰমবোৰৰ কথা সুঁৱৰি আজি মাথো চকুপানী টুকি কৈছো – নীলদা বৌৰ লগতে শান্তিৰে থাকাগৈ।

দেৱীকা বৰপূজাৰী
মুম্বাই