আজি নিশা জ্যোতি চিত্ৰবনত ৰখা হ’ব প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

আজি নিশা জ্যোতি চিত্ৰবনত ৰখা হ’ব প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সাংস্কৃতিক আকাশৰপৰা নোহোৱা হ’ল এটি উজ্জ্বল ভোটাতৰা।কাইলৈ ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ব অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য।শুকুৰবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যদাৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ শেষ কৃত্য সম্পন্ন হ’ব। গুণমুগ্ধ সকলে জ্যোতি চিত্ৰবনতে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী সিংহলে আজি জ্যোতি চিত্ৰবনত উপস্থিত হৈ তাত অনুষ্ঠিত  হ’বলগীয়া সমূহীয়া শ্ৰদ্ধাঞ্জলি ব্যৱস্থা সম্পৰ্কে বুজ লয়। উল্লেখযোগ্য যে কালজয়ী শিল্পী নিপন গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে  সম্পন্ন কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। মন্ত্ৰী সিংহলে অৱগত কৰে যে গুণমুগ্ধসকলৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে শুকুৰবাৰৰ পুৱা ৯ বজালৈকে প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰদেহ জ্যোতি চিত্ৰবনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ পুৱা ৯ বজাত তেখেতৰ নশ্বৰদেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নি তাৰ পাছতেই  নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।