টি-২০ বিশ্বকাপৰ দ্বিতীয় মেচতো জয়ী ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱ- চিডনীত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ২খন খেলত ভাৰতে নেডাৰলেণ্ডক ৫৬ ৰাণত পৰাস্ত কৰে। ১৮০ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি নেডাৰলেণ্ডে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৩ ৰানহে সংগ্ৰহ কৰে। প্ৰতিযোগিতাখনত একেৰাহে দ্বিতীয়টো জয়ৰ সৈতে ভাৰত এতিয়া চাৰি পইণ্টৰ সৈতে গ্ৰুপ ২ৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে।