নিপন গোস্বামীৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

Pc Wikipedia

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীৰ মৃত্যুত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰে। তেওঁ এই সন্দৰ্ভত কয় যে, “অসমৰ সাংস্কৃতিক জগতৰ পৰা এটি উজ্জ্বল ভোটাতৰা নোহোৱা হ’ল। আমাৰ সকলোৰে প্ৰিয় নিপনদাৰ প্ৰয়াণৰ খবৰ পাই মই শোকস্তব্ধ হৈ পৰিছোঁ। তাহানিতে ৰূপালী পৰ্দাত সুদৰ্শন নায়ক নিপনদা অভিনীত বহুকেইখন জনপ্ৰিয় চিনেমা চোৱাৰ সোণালী দিনবোৰ মনত পুনৰ ভাঁহি উঠিছে।” “১৯৬০ দশকৰপৰা অজস্ৰ দৰ্শকৰ হৃদয়ত সাঁচ বহাই সৌ সিদিনালৈ অসমীয়া চলচ্চিত্ৰ জগতত সপ্ৰতিভ হৈ থকা নিপন গোস্বামীদেৱৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান আমি শ্ৰদ্ধাৰে সুঁৱৰি যাম। নিপনদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধৰ দুখৰ সমভাগী হৈছোঁ।”