কাঠফুলাৰ দৰে বাঢ়িছে নাছিং হ’ম, হাস্পতালৰ সংখ্যা

Pc the janambhumi

কাঠফুলাৰ দৰে বাঢ়িছে নাছিং হ’ম, হাস্পতালৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালত ইখনৰ পাছত সিখন মেডিকেল কলেজ গঢ়ি তোলাৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়কো লাইচেঞ্চ প্ৰদান কৰিছে যদিও সেয়া কাগজে-পত্ৰইহে সুৰক্ষিত৷গুৱাহাটী মহানগৰত এতিয়া কাঠফুলাৰ দৰে জধে-মধে গঢ়ি উঠা একাংশ নাৰ্ছিং হ’ম আৰু প্ৰাইভেট হস্পিটেলে ৰোগীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷নাৰ্ছিং হ’মৰ ব্যৱসায় কৰিবৰ বাবে প্ৰয়োজনীয় অনুমতি বা কোনোধৰণৰ নথি-পত্ৰ আৰু চৰকাৰী মেডিকেল প্ৰমাণ-পত্ৰ সংগ্ৰহ নকৰাকৈয়ে একাংশই কৰি আছে লাভজনক ব্যৱসায়৷ বিশেষকৈ মহানগৰত জধে-মধে গঢ়ি উঠা একাংশ নাৰ্ছিং হ’ম আৰু প্ৰাইভেট হস্পিটেল কৰ্তৃপক্ষই ৰোগীৰ বহুমূলীয়া জীৱনক লৈ হেতালি খেলি আহিছে৷ এনে একাংশ মৃত্যুদূতৰূপী নাৰ্ছিং হ’ম আৰু প্ৰাইভেট হস্পিটেলে বিভিন্ন সময়ত ৰোগীৰ জীৱনক মৃত্যুৰ পথলৈ ঠেলি দিয়ে৷ ইতিমধ্যে বিভিন্ন সময়ত পোহৰলৈ আহিছে মহানগৰত দীৰ্ঘদিনে চিকিৎসা সেৱাৰ নামত ব্যৱসায় কৰি অহা একাংশ নাৰ্ছিং হ’ম আৰু প্ৰাইভেট হস্পিটেলৰ প্ৰকৃত স্বৰূপ৷পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ আৰু চিকিৎসকৰ গাফিলতিৰ বাবেই বিভিন্নজনে প্ৰাণ হেৰুৱাবলগীয়া হৈ আহিছে৷ উল্লেখযোগ্য যে বৰ্তমান সময়ত অধিকাংশ লোকেই চিকিৎসাৰ বাবে প্ৰাইভেট হস্পিটেল আৰু নাৰ্ছিং হ’মৰ আশ্ৰয় লয়৷কিন্তু ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ প্ৰাইভেট হস্পিটেল আৰু নাৰ্ছিং হ’মে চিকিৎসা আৰু ঔষধৰ বাবত ৰোগীৰ পৰিয়ালৰ পৰা অত্যধিক ধন সংগ্ৰহৰ অভিযোগ উঠিছে৷ এনে পৰিস্থিতিৰ সন্মুখীন হৈ জটিল ৰোগত আক্ৰান্ত হৈ থকা একাংশ ৰোগীৰ পৰিয়াল যথেষ্ট চিন্তিত হৈ পৰিছে৷ প্ৰণিধানযোগ্যভাৱে মহানগৰৰ অধিকাংশ প্ৰাইভেট হস্পিটেল আৰু নাৰ্ছিং হ’মতেই নাই ৰোগীৰ সুৰক্ষা তথা প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা৷ বিভিন্ন সময়ত এই তথ্য পোহৰলৈ আহিছে যদিও চৰকাৰ তথা স্বাস্থ্য বিভাগ এইক্ষেত্ৰত কঠোৰ হোৱা নাই৷গতিকে কাৰ ছত্ৰছায়াত একাংশই এইদৰে অবৈধভাৱে নাৰ্ছিং হ’ম আৰু প্ৰাইভেট হস্পিটেলৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ সুবিধা গ্ৰহণ কৰিছে, সেইক্ষেত্ৰত ৰহস্যৰ সৃষ্টি হৈছে৷