২৭,৫০০ টকা দৰমহা বৃদ্ধিৰ দাবী গাঁওপ্ৰধানৰ

২৭,৫০০ টকা দৰমহা বৃদ্ধিৰ দাবী গাঁওপ্ৰধানৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰী মৰ্যদা দিয়াৰ লগতে ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৭,৫০০ টকা দৰমহা বৃদ্ধিৰ দাবী জনাইছে সদৌ অসম গাঁওপ্ৰধান সংস্থাই৷ গুৱাহাটী প্ৰেছ ক্লাবত সংস্হাটোৱে অনুষ্ঠিত সংবাদ মেলত সভাপতি গোবিন গগৈ আৰু সম্পাদক ঘনশ্যাম তালুকদাৰে কয়- ৩ হাজাৰ জনসংখ্যাৰ ভিতৰত এজন গাঁওপ্ৰধান নিযুক্তি দিব লাগে৷বৰ্তমান অসমত ৬,২১৬ জন গাঁওপ্ৰধান আছে৷ইয়াৰে ১৫০০ জন অৱসৰ গ্ৰহণ কৰিছে৷অৱসৰ গ্ৰহণ কৰা গাঁওপ্ৰধান সকলৰ জীৱন জীৱিকা সূচলভাৱে চলাই যাব পৰাকৈ দহ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা,গাঁওপ্ৰধান সকলৰ স্বাভাৱিক মৃত্যুত পাঁচ লাখ আৰু অস্বাভাৱিক মৃত্যুত দহ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা,ৰাজহ প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সকলো কাম সঠিকৰূপত আগবঢ়াই নিবলৈ প্ৰতিজন গাঁওপ্ৰধান নিজ লাটত একোটাকৈ আধুনিক প্ৰযুক্তি কাৰ্যালয়ৰ ব্যৱস্হা কৰা,গাঁওপ্ৰধান পৰিয়ালৰ ক্ষেত্ৰত নিম্নতম বয়স পূৰ্বৰ অধিসূচনাৰ ২৫ বছৰ বাহাল ৰখা,বিশেষ প্ৰশিক্ষণৰ ব্যৱস্হা কৰা,বেমাৰৰ ক্ষেত্ৰত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা,অসমৰ স্বায়ত্ব শাসিত পৰিষদ,পাৰ্বত্য জিলা,বৰাক উপত্যকা,ব্ৰক্ষপুত্ৰ উপত্যকা সকলোতে গাঁওপ্ৰধান ব্যৱস্হা কৰা,কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত সকলো গাঁওপ্ৰধান অসমৰ চৰকাৰী গাঁওপ্ৰধানক পাৰিতোষিককে ধৰি সকলো পৰ্যায়ত সমমৰ্যদা প্ৰদান কৰা,পঞ্চায়ত আৰু নগৰপালিকাৰ উন্নয়নৰ সকলো আঁচনিত প্ৰত্যক্ষভাৱে জড়িত কৰা,মেধা সম্পন্ন ল’ৰা- ছোৱালীক বিনামূলীয়া উচ্চ শিক্ষাৰ ব্যৱস্হা কৰা আদি দাবীসমূহ পূৰণ কৰাৰ বাবে মুখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ২৮ জানুৱাৰীত গুৱাহাটীৰ প্ৰশাসনিক মহাবিদ্যালয় আৰু ১১ ছেপ্টেম্বৰত চৰাইদেউত স্মাৰকপত্ৰ প্ৰদান কৰা হয়৷উক্ত দাবীসমূহ মানি লোৱা নহ’য় তেন্তে ২০২৩ বৰ্ষৰ ২৫ জানুৱাৰীৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে৷সংবাদ মেলত নেতাদ্বয়ে কয়- বসুন্ধৰা মিছনৰ জৰিয়তে ৰাজহ বিভাগৰ কৰ্মচাৰীসকলে পেকেজ পাইছে যদিও গাঁওপ্ৰধান সকলে পোৱা নাই৷পুনৰ চৰকাৰে দ্বিতীয় বসুন্ধৰা মিছন চৰকাৰে আৰম্ভ কৰিব বিচাৰিছে যদিও এইবাৰ গাঁওপ্ৰধানে কোনো কাৰণতে সহযোগ কৰা নহয়৷