পৰ্বতৰ বুকুতেই হেৰাই গ’ল পৰ্বত ভালপোৱা ছোৱালীজনী

PC - NEWS8 NorthEast

পৰ্বতৰ বুকুতেই হেৰাই গ’ল পৰ্বত ভালপোৱা ছোৱালীজনী

ৰঙিলী বাৰ্ত্তাসেৱা – উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা দীপশিখা হাজৰিকা নামৰ অসমীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ।উত্তৰাখণ্ডত পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল’বলৈ গৈ সন্ধানহীন হৈছিল দীপশিখা।শুকুৰবাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছিল কেইবাটাও মৃতদেহ।সেইকেইটাৰ ভিতৰত আছিল দীপশিখাৰ মৃতদেহ।মৰণোত্তৰ পৰীক্ষাৰ পাছত দীপশিখাৰ মৃতদেহ অসমলৈ অনা হ’ব।উল্লেখযোগ্য যে, অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য দীপশিখাই যোৱা ১৪ ছেপ্টেম্বৰত ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল।২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ যায়।কিন্তু দলটোৱে সুকলমে শৃংগ আৰোহণ কৰি নামি অহাৰ সময়তে পুৱা প্ৰায় ৮.৪৫ বজাত সংঘটিত হিমস্খলনত সন্ধানহীন হৈ পৰিছিল দীপশিখা।