কুমাৰী পূজা- দেৱীকা বৰপূজাৰী

Pc NDTV.com
কুমাৰী পূজা
শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শক সন্মান কৰি ১৮৯৯ চনতে, পশ্চিম বংগৰ বেলুৰ মথত স্বামী বিবেকানন্দই কুমাৰী পূজাৰ প্ৰচলন কৰে।ৰামকৃষ্ণ পৰমহংসই আন্তৰিকতাৰে বিশ্বাস কৰিছিল যে, সৰু সৰু ছোৱালীবোৰ গোসাঁনী সকলৰেই প্ৰতিবিম্ব, কিয়নো এই কালছোৱাত এই কণ কণ ছোৱালীবোৰ বৈষয়িক বিষয় আৰু বস্তবাদী আকাংক্ষাৰ উৰ্দ্ধত।
কুমাৰী পূজা অষ্টমী আৰু নৱমী পূজাৰ দিনা অনুষ্ঠিত কৰা হয়। সেই  দুদিন সাত আঠ বছৰ বা তাতোকৈ কম বয়সীয়া ছোৱালীক দেৱীৰ দৰেই সাজ আৰু অলংকাৰ পিন্ধাই, দেৱী দূর্গাৰ এক ৰূপ স্বৰূপে পূজা কৰা হয়। দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা অংশ হ’ল – কুমাৰী পূজা। কুমাৰী পূজা কৰিলে সুফল পাব পাৰি বুলি সকলোৱে বিশ্বাস কৰে ।
কুমাৰী পূজাৰ দাৰ্শনিক তথ্য হৈছে – নাৰীক সন্মান জনোৱা আৰু নাৰীৰ মূল্য বুজিবলৈ দিয়া। এই পূজাত বিশ্বজনীন আৰু সৰ্ব সংহতি ‘দেৱী মা ‘ আবিৰ্ভাৱ হয়- এই কুমাৰী সকলৰ মাজেৰে। ৰামকৃষ্ণ দেৱে নিজে নিজৰ পত্নীক কুমাৰী বুলি কল্পনা কৰি আৰাধনা অৰ্থাৎ পূজা কৰিছিল।
এই বছৰৰ মুম্বাই অসমীয়া দুৰ্গা পূজা ভাগত দেৰগাঁৱৰ পৰা অহা পূজাৰী, অধ্যাপক ডাঙৰীয়াই কুমাৰী পূজাত সস্তাঙ্গে প্ৰণাম কৰা দৃশ্য অতি গুৰুত্বপূৰ্ণ এক ভক্তিৰ নিদৰ্শন যেন ভাৱ হ’ল।
পূজাৰীয়ে পূজা কৰাৰ পাছত বাকী ভক্ত সকলে শাৰী পাতি, কুমাৰী কেইগৰাকীক ভৰি চুই, সেৱা জনাই যাৰ যি সামৰ্থ্য, সেই অনুপাতে কিছু মাননী আৰু উপহাৰ আগবঢ়ায়।
দেৱীকা বৰপূজাৰী
মুম্বাই।